নগাঁও আৰক্ষীৰ এ কে ৪৭ৰ তিনিটা মেগজিনৰ নব্বৈ ৰাউণ্ড গুলী চুৰি…

নগাঁও আৰক্ষীৰ এ কে ৪৭ৰ তিনিটা মেগজিনৰ নব্বৈ ৰাউণ্ড গুলী চুৰি…

author-image
asomiyapratidin
New Update
নগাঁও আৰক্ষীৰ এ কে ৪৭ৰ তিনিটা মেগজিনৰ নব্বৈ ৰাউণ্ড গুলী চুৰি…

ডিজিটেল সংবাদ,নগাঁও: নগাঁও আৰক্ষী নিৱেশত অঘটন ৷ এ কে ৪৭ ৰাইফলৰ ৯০ ৰাউণ্ড গুলী চুৰি ৷ তিনিটা মেগজিনত ভৰাই থোৱা ৯০ ৰাউণ্ড গুলী চোৰে উলিয়াই নিয়া ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ জানিব পৰা মতে,এজন পিএছঅ'ৰ এ কে ৪৭ ৰাইফলৰ মেগজিনৰ পৰা ৯০ ৰাউণ্ড গুলী চোৰে চুৰি কৰি নিয়ে ৷

ঘটনাটো ৯ জুলাইত সংঘটিত হয় নগাঁও আৰক্ষী নিৱেশত ৷ ইতিমধ্যে নগাঁৱৰ পৰা পদ্দোন্নতিসহ বদলি হোৱা এপিএছ বিষয়া ধ্ৰুব বৰাৰ দেহৰক্ষী হিচাপে দায়িত্ব পালন কৰা পিএছঅ' অৰুন জ্যোতি শইকীয়াৰ হাতত থকা তিনিটা মেগজিনৰ গুলী চুৰি হয় ৷ শইকীয়াৰ নামত আবন্টিত এ কে ৪৭ আৰু তিনিটা মেগজিন আৰক্ষী নিৱেশৰ চৰকাৰী আবাসগৃহত পি এছ অ' শইকীয়াই কৰ্তব্যৰ পিছত ৰাখিছিল ৷

আবাসগৃহত থৈ দিয়াৰ পিছতে গুলী সমূহ নাইকীয়া হয় ৷ মেগজিনৰ পৰা ৯০ টাকৈ গুলী খুলি লৈ যোৱা চোৰ যে সাধাৰণ চোৰ নহয় এই ঘটনাই প্ৰতিপন্ন কৰিছে ৷ ৯০ টাকৈ গুলী চুৰি হোৱা ঘটনাই নগাঁৱত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

আৰু পঢ়ক:পুলৱামাত পুনৰ সন্ত্ৰাসবাদীৰ আক্ৰমণঃ চি আৰ পি এফৰ উপ-পৰিদৰ্শক নিহত…

nagaon assam