আৰক্ষী- টমটম চালকৰ মাজত ৰাজপথত সংঘাত…

আৰক্ষী- টমটম চালকৰ মাজত ৰাজপথত সংঘাত…

author-image
asomiyapratidin
New Update
আৰক্ষী- টমটম চালকৰ মাজত ৰাজপথত সংঘাত…

ডিজিটেল সংবাদ,নগাঁও : নগাঁও চহৰত বুধবাৰে তীব্ৰ যান যঁটৰ সৃষ্ট হয় ৷ এই যান যঁটৰ মাজতে আৰক্ষী আৰু গাড়ী চালকৰ মাজত সংঘাতৰ সূত্ৰপাত হয় ৷

নগাঁও চহৰৰ শ্বহীদ ভৱনৰ সন্মুখত এই সংঘাতৰ সৃষ্টি হয় ৷ জানিব পৰা মতে এখন টমটম চালকে পথৰ কাষত টমটমখন ৰখাই থোৱাক কেন্দ্ৰ কৰি যান বাহন আৰক্ষীৰ দুজন কনিষ্টবলৰ লগত চালকজনৰ প্ৰথমে তৰ্ক বিৰ্তক লাগে ৷ ইয়াৰ পিছতে হতাহতি লাগে ৷

চালক জনৰ দাবী আৰক্ষী কনিষ্টবল দুজনে দাবী কৰা ধন নিদিয়াৰ বাবে ঠেলা গতা কৰে ৷ আৰক্ষীৰ দাবী চালক জনে আইন অমান্য কৰি পথৰ কাষত টমটম ৰখাই থৈছিল ৷ পিছত আৰক্ষীয়ে চালক জনক আটক কৰি নিয়ে ৷

nagaon assam Assam police