নগাঁৱত পৰম্পৰগত আৰু লোকচিত্রকলাৰ শিবিৰৰ সফল সামৰণি…

নগাঁৱত পৰম্পৰগত আৰু লোকচিত্রকলাৰ শিবিৰৰ সফল সামৰণি…

author-image
asomiyapratidin
New Update
নগাঁৱত পৰম্পৰগত আৰু লোকচিত্রকলাৰ শিবিৰৰ সফল সামৰণি…

ডিজিটেল সংবাদ , নগাঁও : ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্রণালয়ৰ অধীনত পূর্বাঞ্চল সাংস্কৃতিক কেন্দ্র (EZCC)ৰ উদ্যোগত, অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্রমা বিভাগ আৰু জ্যোতি একাডেমীৰ সহযোগত নগাঁৱৰ "আর্ট ভিলেজ"ত আয়োজিত হোৱা সাতদিনীয়া পৰম্পৰাগত আৰু লোকচিত্রকলাৰ শিবিৰৰ ২০ মার্চত সফল সামৰণি ঘটে।

উক্ত অনুষ্ঠানত অসম আৰু ৰাজস্থানৰ লোক আৰু পৰম্পৰাগত চিত্রকলাৰ শিল্পীসকলে অংশ গ্রহণ কৰে। সামৰণি অনুষ্ঠানত উপস্থিত থাকে নগাঁৱৰ জ্যেষ্ঠ সমাজকর্মী মুকুট ভূঞা, জ্যোতি একাডেমীৰ সভাপতি শিশুবন্ধু দুলাল বৰা আৰু প্ৰচাৰ মাধ্যম সমন্বয়ক নৱ কুমাৰ ভৰালী ৷

১৪ মার্চৰ পৰা আৰম্ভ হোৱা এই কর্মশালাত ৰাজস্থানৰ ফড পেইন্টিং, মিনিয়েচাৰ পেইন্টিং, লোকচিত্র কলা আৰু অসমৰ পুথিচিত্র অংকন কৰা শিল্পীসকল ক্রমে মনোজ কুমাৰ যোশী, ওম প্রকাশ চন্দ্রায়ন, সুজিত দাস, মৃদু মৌচম বৰা, সুবোধ কুমাৰ যোশী আৰু দিগন্ত হাজৰিকাই অংশ লয়।

nagaon assam