ছাগলী বধ কৰিব নোৱাৰিব বিক্ৰেতাই, খাদ্য অনুপযোগী মাংস বিক্ৰী কৰিলে ৫০ হাজাৰ টকা জৰিমণা…

ছাগলী বধ কৰিব নোৱাৰিব বিক্ৰেতাই, খাদ্য অনুপযোগী মাংস বিক্ৰী কৰিলে ৫০ হাজাৰ টকা জৰিমণা…

author-image
asomiyapratidin
New Update
ছাগলী বধ কৰিব নোৱাৰিব বিক্ৰেতাই, খাদ্য অনুপযোগী মাংস বিক্ৰী কৰিলে ৫০ হাজাৰ টকা জৰিমণা…

ডিজিটেল ডেস্ক, নগাঁও: বেমাৰী বা খাদ্য অনুপযোগী ছাগলী মাংস কোনো ব্যৱসায়ীয়ে নগাঁৱত বিক্ৰী কৰিছে নেকি ? যদি কৰিছে তেনে হ'লে নগাঁও জিলা প্ৰশাসনক অবগত কৰক ৷ খাদ্যৰ বাবে অনুপযোগী মাংস বিক্ৰী কৰা প্ৰমান হ'লে ব্যৱসায়ীয়ে ৫০ হাজাৰ টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব ৷ লগতে ব্যৱসায়ীৰ আজীৱন অনুজ্ঞাপত্ৰ বাতিল কৰা হ'ব ৷

Advertisment

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ ভিত্তিত ছাগলী মাংস ব্যৱসায়ীৰ ক্ষেত্ৰত কঠোৰ হৈছে ৰাজ্য চৰকাৰ ৷ ইতিমধ্যে ৰাজ্য চৰকাৰে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ ভিত্তিত কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰিছে ৷ ইয়াৰ অংশ হিচাপে নগাঁও জিলা প্ৰশাসনে নগাঁৱৰ ৪৩ খন ছাগলী মাংস বিক্ৰী কৰা দোকানৰ ক্ষেত্ৰত কঠোৰ হৈছে ৷

ছাগলী মাংস বিক্ৰী কৰা দোকানৰ ক্ষেত্ৰতে নহয় ভেৰা মাংস বিক্ৰী কৰা দোকানৰ ক্ষেত্ৰটো কঠোৰতা অৱলম্বন কৰা দেখা গৈছে ৷ ছাগলী আৰু ভেৰা মাংস বিক্ৰেতাই এতিয়াৰ পৰা নিজে ছাগলী আৰু ভেৰা বধ কৰি মাংস বিক্ৰী কৰিব নোৱাৰিব ৷ পূৰ্বতে ছাগলী , ভেৰা নিষ্ঠুৰভাৱে বধ কৰি তাৰ মাংস বিক্ৰী কৰা হৈছিল ৷ সেই মাংস খাদ্যৰ বাবে উপয়ুক্ত হয় নে নহয় সেয়া পৰীক্ষা কৰা নহৈছিল ৷

উল্লেখ্য যে, মাংস বিক্ৰেতাই বহুসময়ত অধিক মুনাফাৰ বাবে ছাগলী বা ভেৰাৰ দেহত হৰমনৰ প্ৰয়োগ কৰিছিল ৷ ইয়াৰ বাহিৰেও বিভিন্ন ধৰনৰ বেজি প্ৰয়োগ কৰাই নহয় অধিক হাৰত নেফথেলিনৰ প্ৰয়োগ কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে বিভিন্ন সময়ত ৷ হত্যাৰ পূৰ্বে হৰমন , বেজি , নেফথেলিন আদি প্ৰয়োগ কৰাৰ ফলত ছাগলী বা ভেৰাৰ মাত্ৰাধিক ওজন বৃদ্ধি পোৱাৰ লগতে কৃত্ৰিম ভাবে জুতি বৃদ্ধি কৰিবলৈ এনে কাম কৰা হৈছিল ৷ যাৰ বাবে মাংস বিক্ৰেতাৰ পৰা গ্ৰাহকে ক্ৰয় কৰা মাংস নিয়মীয়াকৈ গ্ৰহণ কৰা পিছত বিভিন্ন লোক অসুস্থ হৈ পৰিছিল ৷

সেয়ে ন্যায়ালয় মাংসৰ ক্ষেত্ৰত কঠোৰ হোৱাৰ পিছত ৰাজ্য চৰকাৰে ছাগলী আৰু ভেৰা মাংস বিক্ৰেতাক নিজে বধ কৰা কাৰ্যত হস্তক্ষেপ কৰে ৷ পৌৰ সভা , নগৰ সমিতিৰ অনুজ্ঞাপত্ৰ লৈ মাংস বিক্ৰী কৰা বিক্ৰেতাই নিজে ছাগলী বা ভেৰা বধ কৰিব নোৱাৰিব ৷ ইয়াৰ বিপৰিতে চৰকাৰী ভাবে নিদ্ধাৰিত প্ৰতিষ্ঠানতহে ছাগলী বা ভেৰা বধ কৰিব পাৰিব ৷

বৈজ্ঞানিক পদ্ধতিৰে যন্ত্ৰনাহীন ভাবে ছাগলী , ভেৰা বধ কৰি মাংস বিক্ৰেতাক গতাই দিব ৷ ইয়াৰ পিছতহে বিক্ৰেতাই মাংস বিক্ৰি কৰিব পাৰিব ৷ বধ কৰাৰ পূৰ্বে স্বীকৃত প্ৰাপ্ত প্ৰতিস্থানে চিকিৎসকৰ দ্বাৰা ছাগলী বা ভেৰাটোৰ মাংস খাদ্যৰ বাবে উপযোগী হয় নে নহয় তাক পৰীক্ষা কৰিব ৷ সেই পৰীক্ষাৰ পিছত খাদ্যৰ বাবে উপযোগী হ'লে চিকিৎসকে মোহৰ মাৰিব ৷ মোহৰ মৰাৰ পিছত ছাগলী বা ভেৰাটো স্বীকৃতি প্ৰাপ্ত প্ৰতিষ্ঠানে যন্ত্ৰনাহীন ভাবে বৈজ্ঞানিক পদ্ধতিৰে বধ কৰি স্বাস্থ্যকৰভাৱে মাংস বিক্ৰেতাৰ হাতত গতাই দিব ৷ চিকিৎসকৰ মোহৰ মৰা ছাগলী বা ভেৰাৰ মাংস বিক্ৰেতাই গ্ৰাহকক বিক্ৰী কৰিব পাৰিব ৷

মোহৰহীন মাংস বিক্ৰী কৰিলে ব্যৱসায়ীক প্ৰথম বাৰ ২৫ হাজাৰ বাৰ জৰিমনা বিহা হ'ব ৷ পুনৰাবৃত্তি কৰিলে ৫০ হাজাৰ টকা জৰিমনা বিহাৰ লগতে তেনে ব্যৱসায়ীৰ অনুজ্ঞাপত্ৰ বাতিল কৰাই আজীৱন মাংসৰ দোকান বন্ধ কৰি দিয়া হ'ব ৷

নগাঁও জিলাত চহৰ খনৰ মৰিকলঙত চৰকাৰী ভাবে ছাগলী বা ভেৰা বধৰ প্ৰতিষ্ঠানৰ অনুমতি প্ৰদান কৰা হৈছে ৷ স্বীকৃতি প্ৰাপ্ত মৰিকলঙৰ কাচাইখানত এই বেলি মাঘ বিহু , উৰুকাত ৩২৫ টা ছাগলী আৰু ভেৰাৰ স্বাস্থ্য পৰীক্ষা কৰা হৈছিল ৷ ইয়াৰে ৩৭ টা খাদ্যৰ বাব উপয়ুক্ত নহয় বুলি চিকিৎসকে ঘোষনা কৰিছিল ৷ ২৮৮ টাহে মৰিকলঙৰ কাচাইখানাত বধ কৰি মাংস বিক্ৰেতাক বজাৰত বিক্ৰী কৰিবলৈ অনুমতি দিয়া হৈছিল ৷

nagaon assam govt