কবি সভাৰাম বৰালৈ “কাব্যযোগী বটাঁ”…

কবি সভাৰাম বৰালৈ “কাব্যযোগী বটাঁ”…

author-image
asomiyapratidin
New Update
কবি সভাৰাম বৰালৈ “কাব্যযোগী বটাঁ”…

ডিজিটেল সংবাদ , নগাঁও : সদৌ অসম কবি সন্মিলনৰ অন্তৰ্ভূক্ত কামপুৰ আঞ্চলিক কবি সন্মিলনৰ পূৰ্ণাংগ অধিৱেশন খনি দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে কামপুৰ স্বৰাজ ভৱন প্ৰাংগনত অনুষ্ঠিত হৈ যায়।কামপুৰ আঞ্চলিক কবি সন্মিলনৰ সভাপতি গুণ কাকতীয়ে পতাকা উত্তোলন কৰি অনুষ্ঠানৰ শুভাৰম্ভণি কৰাৰ পাছতেই শ্বহীদ বেদীত বন্তি প্ৰজ্বলন কৰে কামপুৰ আঞ্চলিক কবি সন্মিলনৰ উপদেষ্টা প্ৰৱীন শৰ্মাই।কামপুৰৰ বিশিষ্ট প্ৰয়াত কবি সকলক শ্ৰদ্ধাঞ্জলি জনাই কামপুৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ অধ্যক্ষ জয়ন্ত গোস্বামীয়ে।

কামপুৰ আঞ্চলিক কবি সন্মিলনৰ সভাপতি গুণ কাকতীৰ সভাপতিত্বত অনুষ্ঠিত স্থানীয় কবিৰ কবিতা পাঠ অনুষ্ঠানত বৃহত্তৰ কামপুৰ অঞ্চলৰ অৰ্ধশতাধিক কবিয়ে কবিতা পাঠ কৰে।বিশিষ্ট কবি মদাৰজ্যোতিয়ে পৰ্যালোচনা কৰা আমন্ত্ৰিত কবিৰ কবিতা পাঠ অনুষ্ঠানত নগাঁও,হোজাই আৰু কাৰ্বিআংলং জিলাৰ কুৰিৰো অধিক কবিয়ে কবিতা পাঠ কৰি অনুষ্ঠানটি জীপাল কৰি তোলে।

আমন্ত্ৰিত কবি সকল পৱন শৰ্মা, ৰূপম নাথ, মদাৰজ্যোতি,সভাৰাম বৰা,সঞ্জীৱ সাগৰ চৌধুৰী ,কবিতা বৰা,হাচিনা মমতাজ,কৰবী লিগিৰা, মানসপ্ৰতিম নাথ,কৰবী শইকীয়া ,পুলকানন্দ কৌশিক,প্ৰজ্ঞা পাৰমিতা বৰুৱা,ৰেমী শৰ্মা, বিদ্যুৎ মেচ,মুক্তাৰাম কলিতা,নন্দেশ্বৰ নাথ, নৱ কাশ্যপ,তেজস্বিনী অসম,লতামনি শৰ্মা,লখিমী মহন্ত,অমিয়া গোস্বামী,ৰাহুল মজুমদাৰ,বিদ্যুৎ জ্যোতি বৰা।

বিয়লি বিশিষ্ট কবি গুণ কাকতীৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে সদৌ অসম কবি সন্মিলনৰ সভাপতি প্ৰদীপ শইকীয়া,মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট শিশু সাহিত্যিক ত্ৰৈলোক্য ভট্ৰাচাৰ্য, আমন্ত্ৰিত অতিথি ক্ৰমে নগাঁও জিলা কবি সন্মিলনৰ উপদেষ্টা দূৰ্গেশ্বৰ বৰকটকী,নগাঁও জিলা কবি সন্মিলনৰ সভাপতি দ্বিজেন্দ্ৰ নাথ হাজৰিকা,উপ সভাপতি কৰবী লিগিৰা,অশোকৰাম ভট্ৰাচাৰ্য,'মুখপত্ৰ "নতুন কবিতা'ৰ সম্পাদক মদাৰজ্যোতি,নগাঁও জিলা কবি সন্মিলনৰ প্ৰাক্তন সম্পাদক পৱন শৰ্মা,সদৌ অসম কবি সন্মিলনৰ সাংগঠনিক সম্পাদক সঞ্জীৱ সাগৰ চৌধুৰীকে ধৰি বহু কেই গৰাকী বিশিষ্ট কবি।

মুকলি সভাতেই দীৰ্ঘদিন ধৰি কাব্য চৰ্চা কৰি থকা পশ্চিম কাৰ্বি আংলং জিলা সাহিত্য সভাৰ সভাপতি সভাৰাম বৰাক কামপুৰ আঞ্চলিক কবি সন্মিলনে "কাব্যযোগী বটাঁ প্ৰদান কৰে।অধিৱেশনৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত কৰা হয় চিত্ৰাংকন প্ৰতিযোগিতা।নগাঁও জিলা কবি সন্মিলনৰ সম্পাদক ৰাজু সমীৰণে আঁত ধৰা অনুষ্ঠানটোত জিলাখনৰ শতাধিক সাহিত্যনুৰাগী উপস্থিত থাকে। অধিৱেশনৰ প্ৰতিনিধি সভাই সভাপতি গুণ কাকতী আৰু সম্পাদক প্ৰদ্যম্ন বৰাক লৈ কামপুৰ আঞ্চলিক কবি সন্মিলনৰ নতুন সমিতিখন গঠন কৰে।প্ৰতিনিধি সভাৰ পৰ্যবেক্ষক হিচাপে নগাঁও জিলা সমিতিৰ হৈ উপস্থিত থাকে ক্ৰমে–কবিতা বৰা,হাচিনা মমতাজ আৰু কৰবী শইকীয়া।মুকলি সভাৰ শেষত কাব্যমন্ত্ৰৰে অধিৱেশনৰ সামৰণি পৰে।

nagaon assam