ইউক্ৰেইনৰ পৰা পৰা নগাঁও পালেহি নয়ন , চাদ্দাম

ইউক্ৰেইনৰ পৰা পৰা নগাঁও পালেহি নয়ন , চাদ্দাম

author-image
asomiyapratidin
New Update
ইউক্ৰেইনৰ পৰা পৰা নগাঁও পালেহি নয়ন , চাদ্দাম

ডিজিটেল সংবাদ,নগাঁও : যুদ্ধ বিধ্বস্ত ইউক্ৰেইনৰ পৰা আহি নগাঁৱত উপস্থিত হৈছে চিকিৎসা বিজ্ঞানৰ ছাত্ৰ নয়নজ্যোতি দাস। ইউক্ৰেইনৰ কীয়েভ চহৰত চিকিৎসা বিজ্ঞানৰ শিক্ষাগ্ৰহন কৰি আছিল নয়নে।

যুদ্ধৰ বাবে কীয়েভ চহৰ ত্যাগ কৰিবলৈ বাধ্য হোৱা নয়নে ৰেলেৰে শ্লোভাকিয়ালৈ আহি পোন্ধৰ কিলোমিটাৰ খোজকাঢ়ি সীমান্ত পাইছিল ৷ খোজকাঢ়িয়েই ইউক্ৰেইনৰ সীমা পাৰ কৰিছিল নয়নৰ লগতে বহু ছাত্ৰই।দিনে নিশাই গুলী বাৰুদৰ মাজত বাংকাৰত আশ্ৰয় গ্ৰহন কৰিছিল নয়ন আৰু তেওঁৰ সহযোগীয়ে।বৰ্তমানেও অসমৰ ছাত্ৰ ছাত্ৰী ইউক্ৰেইনত আৱদ্ধ হৈ থকা বুলি জনালে নয়নে ৷

আবদ্ধ ছাত্ৰ ছাত্ৰীয়ে খাদ্য সংকটত পৰাৰ লগতে আৰু খোৱাপানীৰ সমস্যাত পৰা বুলি কয় ছাত্ৰজনে ৷ নয়নৰ বন্ধু নগাঁৱৰ পিনাকী ৰঞ্জন নামৰ চিকিৎসা বিজ্ঞানৰ ছাত্ৰজন আবদ্ধ হৈ থকাৰ কথা উল্লেখ কৰি নয়নে কয় দুখন ব্ৰেড খাই সি তিনি দিন পাৰ কৰিছে ৷ নগাঁৱৰ হয়বৰগাঁৱৰ নয়ন জ্যোতি দাস নিজৰ ঘৰ আহি পোৱাত পিতৃ মাতৃৰ উৎকন্ঠা অন্ত পৰিছে ৷

ইফালে নগাঁৱৰ চাদ্দাম হুছেইন নামৰ আন এজন ছাত্ৰ ইউক্ৰেনৰ পৰা নগাঁও আহি উপস্হিত হৈছে ৷ ইউক্ৰেনত চিকিৎসা বিজ্ঞানৰ শিক্ষা গ্ৰহণ কৰি থকা অৱস্হাত দেশ খন ত্যাগ কৰিব লগা হোৱা চাদ্দাম হুছেইনৰ ঘৰ ৰূপহীহাটৰ পুথিমাৰীত ৷

nagaon assam