/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/nn-1.jpg)
ডিজিটেল সংবাদ,নগাঁও: নগাঁও জিলাৰ নতুন উপায়ুক্ত আই এ এছ নৰেন্দ্ৰ কুমাৰ সাহ ৷ পূৰ্বতে চিৰাং জিলাৰ উপায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰা নৰেন্দ্ৰ কুমাৰ সাহে দেওঁবাৰে নগাঁৱৰ উপায়ুক্ত হিচাপে দায়িত্ব ভাৰ গ্ৰহণ কৰে ৷ পুৱাতে আই এ এছ হিভৰে নিসৰ্গ গৌতমৰ পৰা আই এ এছ নৰেন্দ্ৰ কুমাৰ সাহে জিলা উপায়ুক্তৰ দায়িত্ব চমজি লয় ৷
নগাঁৱৰ পৰা হাইলাকান্দিলৈ বদলি হোৱা হিভৰে নিসৰ্গ গৌতমক উপায়ুক্ত কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰী সকলে বিদায় সম্ভাষন জনাই ৷ কম দিনৰ বাবে নগাঁৱত উপায়ুক্ত হিচাপে কৰ্তব্য সম্পাদন কৰা আই এ এছ গৌতমে বিষয়া-কৰ্মচাৰী সকলৰ আপোন হবলৈ সক্ষম হৈছিল ৷ নিকা ভাবমূৰ্তিৰ হিভৰে নিসৰ্গ গৌতমৰ বিদায় ক্ষনত নগাঁৱৰ উপায়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰী সকল আবেগিক হৈ পৰা পৰিলক্ষিত হয় ৷
নতুনকৈ উপায়ুক্ত হিচাপে নগাঁৱত যোগদান কৰা আই এ এছ বিষয়া নৰেন্দ্ৰ কুমাৰ সাহে উপায়ুক্ত কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীয়ে মতবিনিময় কৰে ৷ সকলোৰে সহযোগ কামনা কৰে নগাঁৱৰ নতুন উপায়ুক্তজনে ৷
আৰু পঢ়ক: ১ মিনিটত ২৫ খবৰ…