ডবকাত নাহিদৰ সংগীতানুষ্ঠানত অথন্তৰ…

ডবকাত নাহিদৰ সংগীতানুষ্ঠানত অথন্তৰ…

author-image
asomiyapratidin
New Update
ডবকাত নাহিদৰ সংগীতানুষ্ঠানত অথন্তৰ…

ডিজিটেল সংবাদ,নগাঁও : ডবকা হাজী আনফৰ আলী কলেজত বুধবাৰে নৱাগত আদৰণি সভা আৰু সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছিল ৷ সাংস্কৃতিক অনুষ্ঠানৰ বাবে আমন্ত্ৰণ জনোৱা হৈছিল সংগীত শিল্পী নাহিদ আফ্ৰিনক ৷

Advertisment

দিনৰ দুই বজাৰ পৰা কলেজ চৌহদত অনুষ্ঠিত হৈছিল নাহিদৰ সংগীতানুষ্ঠান ৷অনুষ্ঠানটি চলি থকাৰ মাজতে হঠাৎ মঞ্চত প্ৰৱেশ ঘটে ডবকা আৰক্ষী আৰু চিআৰপিএফ বাহিনীৰ ৷ বন্ধ হয় চলি থকা নাহিদৰ সংগীতৰ অনুষ্ঠান৷

আৰক্ষীৰ মতে এই অনুষ্ঠানটি পাতিবৰ বাবে প্ৰশাসনৰ যাৱতীয় অনুমতি নাই ৷ সেয়ে বন্ধ কৰা হ'ল ৷ অন্য বিদ্যালয়ত পৰীক্ষাৰ্থীৰ প্ৰতি লক্ষ্য ৰাখি নাহিদৰ গীতৰ অনুষ্ঠানটি বন্ধ কৰে আৰক্ষীয়ে ৷ ইফালে কলেজ কৰ্তৃপক্ষৰ মতে অনুষ্ঠানৰ বাবে অনুমতি লোৱা হৈছিল ৷

nagaon assam hojai