বঢ়মপুৰত সংঘটিত নাৰকীয় কাণ্ডৰ তদন্তৰ বাবে উপস্থিত আৰক্ষী অধীক্ষক লীনা দলে…

বঢ়মপুৰত সংঘটিত নাৰকীয় কাণ্ডৰ তদন্তৰ বাবে উপস্থিত আৰক্ষী অধীক্ষক লীনা দলে…

author-image
asomiyapratidin
New Update
ব্ৰহ্মপুত্ৰত জাঁপ দি মহিলাৰ আত্মহত্যা!

ডিজিটেল ডেস্ক: বঢ়মপুৰৰ বৰলালুং গাঁৱত সংঘটিত নাৰকীয় কাণ্ডৰ তদন্তৰ বাবে চামগুৰি থানাত উপস্থিত নগাঁও জিলাৰ আৰক্ষী অধীক্ষক লীনা দ'লে। ৰঞ্জিত বৰদলৈ হত্যাকাণ্ডৰে জড়িত চামগুৰি থানাত আটকাধীন তিনি মহিলাসহ সৰ্বমুঠ পাচঁজনক জেৰাৰ অন্তত গ্ৰেপ্তাৰ।

ঘটনাৰে জড়িত সৰ্বমুঠ ১৩ জনকৈ অভিযুক্তৰ প্ৰাৰম্ভিক তদন্তৰ পিছত নিশ্চিত কৰিলে আৰক্ষী অধীক্ষক গৰাকীয়ে। ইতিমধ্যেই পাচঁজনক অভিযুক্তক গ্ৰেপ্তাৰ আৰু বাকী ৮ জনকৈ অভিযুক্ত বৰ্তমানেও পলাতক অৱস্থাত আছে।

মৃত ৰঞ্জিত বৰদলৈৰ তন্ত্ৰ-মন্ত্ৰ বিদ্যাৰ বিৰুদ্ধেও ৰাইজৰ আছিল দীৰ্ঘদিনীয়া ক্ষোভ। সেইয়াও এটা কাৰণ হ'ব পাৰে। এই কথা সদৰি কৰিলে আৰক্ষী অধীক্ষক লীনা দ'লেয়ে। অন্যহাতে মৃত সবিতা পাটৰৰ ২ জুলাইত সংঘটিত ৰহস্যজনক মৃত্যুৰ সন্দৰ্ভতো তদন্ত কৰিব আৰক্ষীয়ে।

উল্লেখ্য যে, নগাঁও কাণ্ডই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য। এগৰাকী ব্যক্তিক ৰাজহুৱা বিচাৰৰ পাছতেই জীৱন্তে জ্বলাই দি পুতি থৈছিল একাংশই।

আৰু পঢ়ক: কোকৰাঝাৰ জিলাৰ ছালাকাটিত ভয়ংকৰ পথ দুৰ্ঘটনা…

assam Assam police murder case nagaon crime