/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/e4785f1c-9c9e-46d9-8391-64ed3b4e8277/nagaon_deadbody.jpg)
ডিজিটেল সংবাদ, নগাঁও : নগাঁও চহৰৰ মাজমজিয়াত সংঘটিত হয় এক হত্যাকাণ্ড। আয়েছা চিদ্দিক নামৰ এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ আৰক্ষীয়ে প্ৰাথমিক অনুসন্ধানত ঘটনাটো হত্যাকাণ্ড বুলি সন্দেহ প্ৰকাশ কৰিছে ৷
নগাঁও চহৰৰ হয়বৰগাঁও এন বি পথত সংঘটিত হৈছে এই হত্যাকাণ্ডটো ৷ আৰক্ষীয়ে মুখৰ ভিতৰত কাপোৰ জোৰকৈ সোমোৱাই থোৱা, ডিঙিত চাদৰেৰে মেৰিয়াই থোৱাৰ লগতে হাত আৰু ভৰি কাপোৰেৰে বান্ধি থোৱা অৱস্থাত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ কৰিছে ৷
হয়বৰগাঁও এন বি পথত থকা আয়েছা ছিদ্দিকক নিজা বাসভৱনতে অজ্ঞাত ঘাটকে নিশা হত্যা কৰা বুলি সন্দেহ কৰা হৈছে ৷ নিজা বাসভৱনত মহিলাগৰাকীয়ে অকলে বসবাস কৰি আহিছিল ৷
দুই কন্যাক বিয়া দিয়াৰ পিছত অকলে বসবাস কৰা মহিলাগৰাকীৰ মৃতদেহৰ পৰা ঘাতকে হাতত পিন্ধি থকা খাৰু, নাকফুলি নাকৰ পৰা চিঙি নিয়া বুলি জানিব পৰা গৈছে ৷ লগতে ঘৰৰ আচবাব চেদেলি ভেদেলি হৈ থকা অৱস্থাত আৰক্ষীয়ে প্ৰত্যক্ষ কৰিছে ৷ মহিলাগৰাকীয়ে ব্যৱহাৰ কৰা মবাইলটো আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই ৷
পুৱা মহিলাগৰাকী মৃতদেহ স্থানীয়লোকে প্ৰত্যক্ষ কৰে ৷ বিবাহিতা কন্যাৰ অনুৰোধত স্থানীয় এগৰাকী মহিলাই বাসগৃহটিলৈ গৈ মজিয়াত আয়েছা চিদ্দিক হাত ভৰি বন্ধা মৃত অৱস্থাত পৰি থকা প্ৰত্যক্ষ কৰি চিঞৰ বাখৰ কৰাত স্থানীয় লোক সমবেত হয় ৷ পিছত আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটি উদ্ধাৰ কৰে ৷
মৃত মহিলাগৰাকীয়ে পূৰ্বে নগাঁৱৰ কাৱৈমাৰীত বসবাস কৰিছিল ৷ চাৰিবছৰ পূৰ্বে কাৱৈমাৰীত সম্পত্তি বিক্ৰি কৰি নগাঁও চহৰৰ এন বি পথত চাৰি বছৰ ধৰি নিগাজীকৈ থাকিবলৈ লৈছিল ৷