বন্ধুৱে মাতিছিল ফোন কৰি, পাছত উদ্ধাৰ ক্ষত-বিক্ষত মৃতদেহ…

বন্ধুৱে মাতিছিল ফোন কৰি, পাছত উদ্ধাৰ ক্ষত-বিক্ষত মৃতদেহ…

author-image
asomiyapratidin
New Update
বন্ধুৱে মাতিছিল ফোন কৰি, পাছত উদ্ধাৰ ক্ষত-বিক্ষত মৃতদেহ…

ডিজিটেল সংবাদ, নগাঁও: নগাঁৱত চাঞ্চল্যকৰ হত্যাকাণ্ড। নেহেৰুবালিত উদ্ধাৰ যুৱকৰ মৃতদেহ। উদ্ধাৰ হোৱা মৃতদেহটো অৰ্জুন পাঠকৰ বুলি চিনাক্ত হৈছে।

দেওবাৰৰ পৰা সন্ধানহীন হৈ আছিল যুৱকজন। দেওবাৰে নিশা বন্ধুয়ে ফোন কৰি মাতি নিছিল যুৱকজনক আৰু তাৰ পাছতেই মঙলবাৰে নিশা নেহেৰুবালিত উদ্ধাৰ হয় যুবকজনৰ মৃতদেহ।

উল্লেখ্য যে, মৃতদেহৰ গাত আছিল আঘাতৰ চিন স্পষ্ট হৈ আছে। নগাঁৱৰ এটা ঔষধ প্ৰতিস্থানত কৰ্মৰত আছিল অৰ্জুন। আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

আৰু পঢ়ক: ডিমাপুৰত ধনদাবী কৰা এন এছ চি এন কেৰ দুজন কেডাৰক অস্ত্ৰসহ গ্ৰেপ্তাৰ

assam Assam police nagaon murder