/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/04/bbbb.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও মৰিগাঁও সংযোগী (চিধা মৰিগাঁও) পথৰ কাকমাৰীত বুধবাৰে বিয়লি এক পথ দুৰ্ঘটনা সংঘটিত হয়।
নগাঁৱৰ পৰা মৰিগাঁও অভিমুখে গৈ থকা AS01-X-0049 নম্বৰৰ চাউল ভৰ্তি ট্ৰাকখন নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা বাগৰি পৰে।
দুৰ্ঘটনাত ট্ৰাক খনৰ ড্ৰাইভাৰ আৰু হেণ্ডিমেন গুৰুত্বৰ ভাবে আহত হয়। লগে লগে স্থানীয় লোকৰ তৎপৰতাত আহত দুগৰাকীত নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।