/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/b4d2617e-a942-4320-9f65-763bcd71ffaf/nanan.jpg)
ডিজিটেল সংবাদ, নগাঁও : আমেৰিকান ব্যপ্তিষ্ট মিচনেৰী মাইল ব্ৰনচনে ১৮৪৬ চনতে নগাঁও চহৰৰ মাজমজিয়াত প্ৰতিষ্ঠা কৰা নগাঁও মিছন উচ্চতৰ মাধ্যমিক বিদ্যালয় খনে গৌৰৱোজ্জল ১৭৫ বছৰত পদাপৰ্ণ কৰিছে। প্ৰথমাৱস্থাত অনাথ শিশুৰ শিক্ষানুষ্ঠান ৰূপে আত্মপ্ৰকাশ কৰা বিদ্যালয়খনে পৰৱৰ্তী সময়ত অসমৰ প্ৰথম খন নাৰী শিক্ষাৰ প্ৰতিষ্ঠান ৰূপে সেৱা আগবঢ়ায়।
কালক্ৰমত ঐতিহ্যমণ্ডিত বিদ্যালয়খন সহশিক্ষা প্ৰতিষ্ঠানলৈ পৰ্যবসিত হয় আৰু বিদ্যালয়ৰ মহান ঐতিহ্যক আদৰ্শ হিচাপে লৈ অসমৰ শিক্ষা জগতত এক সুকীয়া স্থানেৰে আজিৰ পৰ্যায়ত উপনীত হৈছে ।
অসমৰ শৈক্ষিক জগতত নিজৰ নাম ক্ষুদিত কৰিবলৈ সক্ষম হোৱা বিদ্যালয়খনে প্ৰতিষ্ঠাৰ ১৭৫ বছৰীয়া জয়ন্তী অহা ১৭ আৰু ১৮ নৱেম্বৰ দুদিনয়াকৈ বৰ্ণাঢ্য কায্যসূচীৰে বিদ্যালয়ৰ প্ৰাংগনত আয়োজনৰ দিহা কৰিছে । উদযাপন সমিতিয়ে বুধবাৰে এখনি সংবাদ মেল সম্বোধন কৰি কাৰ্যসূচী ৰাজহুৱা কৰিছে ৷
কাৰ্যসূচী অনুসৰি ১৭ নৱেম্বৰ পূৱা ১৭৫ খন পতাকা উত্তোলনেৰে দুদিনীয়া কায্যসূচীৰ শুভাৰম্ভ ঘটিব। লগতে এখনি প্ৰদৰ্শনীৰ দ্বাৰ মুকলি , স্মৃতিগ্ৰন্থ আৰু বিদ্যালয়ৰ বাৰ্ষিক আলোচনী PEACE শান্তি উন্মোচন , সতীৰ্থ সন্মিলন আৰু প্ৰাক্তন ছাত্ৰ- ছাত্ৰী তথা বিদ্যালয়ৰ বৰ্তমানৰ ছাত্ৰ - ছাত্ৰীৰ দ্বাৰা এক সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে।
১৮ নৱেম্বৰৰ পুৱা নগাঁৱৰ মাজমজিয়াৰে এক সাংস্কৃতিক শোভযাত্ৰা উলিওৱা হব বুলি সমিতিয়ে জানিবলৈ দিয়ে। শোভাযাত্ৰাটি উদ্ঘাটন কৰিব ৰাষ্ট্ৰীয় খ্যাতিক সম্পন্ন অভিনেত্ৰী তথা শিক্ষাবিদ মলয়া গোস্বামীয়ে ।সেইদিনা দুপৰীয়া এখনি মুকলি সভাও অনুষ্ঠিত হব। মুকলি সভাত মূখ্য অতিথি হিচাবে উপস্থিত থাকিব অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট সাহিত্যিক ডা° ধ্ৰুৱজ্যোতি বৰা ।
বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব ডিব্ৰগড় বিশ্ব বিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ প্ৰাক্তন অধ্যাপক শিলা বৰা, তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয় ইংৰাজী বিভাগৰ অধ্যাপক প্ৰশান্ত দাস , নগাঁও সদৰ সমষ্টি সাংসদ প্ৰদ্যুৎ বৰদলৈ, নগাঁও সদৰ সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন ছাত্ৰ ৰূপক শৰ্মা , জিলা উপা়য়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ,জিলা আৰক্ষী অধীক্ষক লীনা দ’লে আৰু নগাঁও জিলা বিদ্যালয় পৰিদৰ্শক মৃদুল কুমাৰ নাথ। সন্ধিয়া ভাগলৈ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী তথা আমন্ত্ৰিত শিল্পী দ্বাৰা এক বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠানৰ দিহা কৰা হৈছে । য'ত মুখ্য আকৰ্ষণ হিচাপে থাকিব কণ্ঠ শিল্পী দিপলীন ডেকা ।
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us