নগাঁৱত ৬ হাজাৰ মহিলাক মাইক্ৰ'ফাইনেন্স উদগনি আৰু সকাহ আঁচনিৰ চেক প্ৰদান...

৬ হাজাৰ হিতাধিকাৰীক "অসম মাইক্ৰ'ফাইনেন্স উদগনি আৰু সকাহ আঁচনিৰ"চেক প্ৰদান কৰা হয়

author-image
Asomiya Pratidin
New Update
নগাঁৱত ৬ হাজাৰ মহিলাক মাইক্ৰ'ফাইনেন্স উদগনি আৰু সকাহ আঁচনিৰ চেক প্ৰদান...

nagaon

ডিজিটেল সংবাদ, নগাঁও : অসম চৰকাৰৰ বিত্ত বিভাগ আৰু নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত নগাঁও জিলাৰ প্ৰায় ৬০০০ গৰাকী হিতাধিকাৰীক শনিবাৰে "অসম মাইক্ৰ'ফাইনেন্স উদগনি আৰু সকাহ আঁচনি ২০২১"ৰ উদগনিমূলক সাহায্যৰ চেক প্ৰদান কৰা হয়।

Advertisment

বিগত সময়চোৱাত একাংশ মহিলাই বিভিন্ন বেংকৰ পৰা ঋণ লৈ নিয়মীয়াকৈ পৰিশোধ কৰি অহাৰ মাজতেই পৰৱৰ্তী সময়ত বিভিন্ন অসুবিধাৰ বাবে ঋণ পৰিশোধ কৰাত অপৰাগ হৈছিল। তেনে মহিলা সকলক বিপদৰ পৰা উদ্ধাৰ কৰাৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিশেষ পদক্ষেপ গ্ৰহণ কৰিছিল।

"অসম মাইক্ৰ'ফাইনেন্স উদগনি আৰু সকাহ আঁচনি"ৰ অধীনত মাইক্ৰফাইনেন্সৰ পৰা ঋণ লৈ ঋণ পৰিশোধ কৰাত অপৰাগ হোৱা বিপদাগ্ৰস্ত মহিলাসকলক ধনৰ চেক পৰ্যায়ক্ৰমে প্ৰদান কৰি অহা হৈছে। নগাঁও চহৰৰ সাংস্কৃতিক প্ৰকল্পৰ প্ৰেক্ষাগৃহত অসম চৰকাৰৰ মীন, আবকাৰী বিভাগৰ মন্ত্ৰী তথা নগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী পৰিমল শুক্লবৈদ্যj উপস্থিতিত জিলাখনৰ প্ৰায় ৬ হাজাৰ হিতাধিকাৰীক "অসম মাইক্ৰ'ফাইনেন্স উদগনি আৰু সকাহ আঁচনিৰ"চেক প্ৰদান কৰা হয়।

অনুষ্ঠানত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, ৰহাৰ বিধায়ক শশীকান্ত দাস, নগাঁও জিলাৰ উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ, নগাঁও জিলা বিজেপিৰ সভাপতি অভিজিৎ নাথ প্ৰমুখ্যে জিলা প্ৰশাসনৰ বিভিন্ন বিষয়ববীয়া সকল উপস্থিত থাকে।

assam nagaon