সাহিত্যিক সৌজন্যময়ী ভট্টাচাৰ্যৰ জন্ম শতবাৰ্ষিকী আৰু গ্ৰন্থ উন্মোচনী অনুষ্ঠান

বৃহস্পতিবাৰে নগাঁও জিলা সাহিত্য সভাৰ কমলাদেৱী টোডী ভৱনত সাহিত্যিক সৌজন্যময়ী ভট্টাচাৰ্যৰ জন্ম শতবাৰ্ষিকী উপলক্ষে এলানি বক্তৃতা অনুষ্ঠান অনুষ্ঠিত কৰ হয় ৷
সাহিত্যিক সৌজন্যময়ী ভট্টাচাৰ্যৰ জন্ম শতবাৰ্ষিকী আৰু  গ্ৰন্থ উন্মোচনী অনুষ্ঠান

ডিজিটেল সংবাদ,নগাঁও: বৃহস্পতিবাৰে নগাঁও জিলা সাহিত্য সভাৰ কমলাদেৱী টোডী ভৱনত সাহিত্যিক সৌজন্যময়ী ভট্টাচাৰ্যৰ জন্ম শতবাৰ্ষিকী উপলক্ষে এলানি বক্তৃতা অনুষ্ঠান অনুষ্ঠিত কৰ হয় ৷নগাঁও জিলা সাহিত্য সভাৰ সোণালী জয়ন্তী বৰ্যৰ লগত সংগতি ৰাখি এই অনুষ্ঠানৰ আয়োজন কৰা হয়।

জিলা সাহিত্য সভাৰ সভাপতি পৰাণ কুমাৰ বৰুৱাৰ পৌৰোহিত্যত জিলা সম্পাদক ৰেৱত কুমাৰ হাজৰিকাই আঁত ধৰা বক্ততানুষ্ঠানৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নিত্যানন্দ বৰাই ৷ সাহিত্যিক সৌজন্যময়ী ভট্টাচাৰ্যৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে অসম সাহিত্য সভাৰ নগাঁও আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক মৃণাল হাজৰিকাই ৷

বক্তৃতা অনুষ্ঠানটি মুকলি কৰি বিশিষ্ট শিশু সাহিত্যিক ত্ৰৈলোক্য ভট্টাচাৰ্যৎ কয় যে সৌজন্যময়ী ভট্টাচাৰ্য আছিল এগৰাকী প্ৰগতিশীল মহিলা আছিল ৷ ১৯২২ চনত জন্মগ্ৰহণ কৰা সৌজন্যময়ী ভট্টাচাৰ্যই তেওঁৰ লিখনিত সদায় কু সংস্কাৰৰ বিৰোধিতা কৰিছিল। সমাজত নাৰীসকলক আগুৱাই নিবলৈ সদায় চেষ্টা কৰিছিল ৷ নিজৰ ভাষনত ত্ৰৈলোক্য ভট্টাচাৰ্যই নিজে ল’ৰালিতে সৌজন্যময়ী ভট্টাচাৰ্যৰে পোৱা সানিধ্যৰ কথা কৈ নষ্টালজিক হৈ পৰে ৷

অনুষ্ঠানত কহিগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহ শিক্ষয়িত্ৰী অঞ্জু বেজবৰুৱাই “ শিশু সবাংগীন বিকাশত মাতৃভাষাৰ ভূমিকা” , জিলা প্ৰতিষ্ঠানিক সুৰক্ষা বিষয়া দীপাঞ্জলি দেৱীয়ে “ শিশু অধিকা আৰু আইনী ব্যৱস্থা”, নগাঁও জিলা শিশু সুৰক্ষা বিষয়া অঞ্জলি আৰ্যই “ স্খলিত কিশোৰৰ প্ৰতি অভিভাৱকৰ দায়িত্ব আৰু কৰ্তব্য” আৰু জাজৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষয়িত্ৰী অঞ্জলী কটকীয়ে “ সমাজ পৰিবৰ্তনত সংগীত শিল্পীৰ ভূমিকা ” শীৰ্ষক বক্তৃতা প্ৰদান কৰে ৷

একেটা অনুষ্ঠানতে হেলেন পণ্ডিতৰ “ গীত গুঞ্জন” আৰু “ জাগ্ৰত” , অমিয়া গোস্বামীৰ “সৌজন্যময়ী ভট্টাচাৰ্য” , ধৰ্মেশ্বৰী বৰাৰ “ প্ৰাৰ্থনা আৰু প্ৰসংগ প্ৰণালী ” গ্ৰন্থ কেইখন প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱা, বিশিষ্ট সাহিত্যিক কৃষ্ণ দুলাল বৰুৱা, সাহিত্যিক ফনীন্দ্ৰ নাথ গায়ন , সত্ৰাধিকাৰ সৰ্বানন্দ মহন্তই উন্মোচন কৰে ৷

সভাত নগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি ভৱেশ মেধি , উপ সভাপতি থগিত মহন্ত , হোজাই জিলা সাহিত্য সভাৰ সভাপতি ড° ইন্দ্ৰজিৎ বেজবৰুৱা, জেষ্ঠ সাংবাদিক কনক হাজৰিকা, জিলা সাহিত্য সভাৰ বিষয়ববীয়া দিপিকা নাথ, স্মৃতা কলিতা , ৰাজীৱ হাজৰিকা , মৃগাংক বৰা , অধৰ ঠাকুৰীয়া, কল্যাণ কুমাৰ বৰা , দিপাংক শইকীয়া আদিৰ লগতে সৌজন্যময়ী ভট্টাচাৰ্যৰ পুত্ৰ তাৰকৰাম ভট্টাচাৰ্য , দীপকৰাম ভট্টাচাৰ্য , প্ৰতীক ৰাম ভট্টাচাৰ্য,অশোক ৰাম ভট্টাচাৰ্য , আলোক ৰাম ভট্টাচাৰ্য, জীয়ৰী মঞ্জুলা শৰ্মা ভট্টাচাৰ্য্য আৰু পৰিয়ালবৰ্গৰ ভালেসংখ্যক লোক উপস্থিত থাকে ৷

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in