/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/6c2879c4-4886-45b3-8fb2-11364717183d/nagaonnn.jpg)
ডিজিটেল সংবাদ, নগাঁও : ড্ৰাগ এণ্ড কচমেটিক এক্ট ১৯৪০ক ভেঙুচালি পুঁজিপতিৰ ৷ চৰকাৰী অনুমতি অবিহনে আইন অমান্য কৰি ঔষধৰ ব্যৱসায় অনলাইনযোগে চলাই আহিছে মুষ্ঠিমেয় পুঁজিপতিয়ে ৷ - এই অভিযোগ নগাঁও জিলা ঔষধ ব্যৱসায়ী সন্থাৰ ৷
ঔষধ ব্যৱসায়ী সংগঠনটোয়ে দেওবাৰে এক বিশেষ সাধাৰন সভাৰ আয়োজন কৰে ৷ আমোলাপট্টিৰ নগাঁও নাট্য মন্দিৰ প্ৰাঙ্গনত আয়োজন কৰা এই সভাত অনলাইনযোগে অবৈধ ভাবে চলি থকা ঔষধ ব্যৱসায়ে কেনেকৈ জনজীৱনৰ প্ৰতি ভাবুকি আনিব পাৰে তাৰ ওপৰত খৰচি মাৰি আলোচনা কৰা হয় ৷ অনলাইনযোগে ঔষধ ক্ৰয় কৰাৰ ফলত সৰ্বসাধাৰণৰ কি বিপদ হ’ব পাৰে তাৰ বাবে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷
অন লাইন ঔষধ বিক্ৰীৰ ফলত দেশ জুৰি থলুৱা ব্যৱসায়ী সকল ক্ষতিগ্ৰস্থ হোৱাৰ ওপৰটো আলোচিত হয় সভাখনত ৷ প্ৰায় দহ লাখ থলুৱা লোক ঔষধ ব্যৱসায়ৰ লগত প্ৰত্যক্ষ ভাৱে জড়িত হৈ আছে ৷
পৰোক্ষভাৱে প্ৰায় এক কোটি লোক জড়িত হৈ আছে ৷ অনলাইনৰযোগে ঔষধৰ ব্যৱসায় আৰম্ভ হোৱাৰ পিছত ১ কোটি ১০ লাখ লোক বিশেষ ভাৱে ক্ষতিগ্ৰস্ত হ'ব ৷ ইফালে ঔষধ ব্যৱসায়ী সন্থাৰ কেন্দ্ৰীয় সম্পাদক জিতু বৰ্মন আৰু নগাঁও জিলা সমিতিৰ সভাপতি জীৱন বনিকে এক সংবাদমেল সম্বোধন কৰে ৷
সংবাদমেলত দুয়োজনে অনলাইনত ঔষধ ব্যৱসায়ৰ ফলত অনাকাংক্ষিত বিপদত সাধাৰণ লোক কেনেদৰে পৰিব পাৰে তাৰ ওপৰত বক্তব্য ৰখাৰ লগতে ৰাইজক সজাগ হ'বলৈ আহ্বান জনাই ৷