নগাঁৱত জমিয়তৰ উদ্যোগত সদ্ভাৱনা সংসদ অনুষ্ঠান…

নগাঁৱত জমিয়তৰ উদ্যোগত সদ্ভাৱনা সংসদ অনুষ্ঠান…

author-image
asomiyapratidin
New Update
নগাঁৱত জমিয়তৰ উদ্যোগত সদ্ভাৱনা সংসদ অনুষ্ঠান…

ডিজিটেল সংবাদ, নগাঁও : " দেশে স্বাধীনতা লাভৰ আগৰে পৰাই হিন্দু-মুছলমানৰ মাজত সদ্ভাৱনা আছিল। স্বাধীনতা আন্দোলনৰ সময়চোৱাতে নহয়, ইয়াৰ পৰৱৰ্তী সময়তো হিন্দু-মুছলমানৰ মাজত শান্তি-সম্প্ৰীতি অটুট আছিল। কিন্তু সাম্প্ৰতিক সময়ত সমন্বয় আৰু সম্প্ৰীতিৰ এই ধাৰাবাহিকতাত যেন কৰবাত ঘূণে ধৰিছে। "- এই মন্তব্য বিশিষ্ট লেখক, সাংবাদিক তথা অসম চৰ-চাপৰি সাহিত্য সভাৰ সভাপতি খবিৰ আহমেদৰ।

দেওঁবাৰে নগাঁও জিলা জমিয়তৰ উদ্যোগত খগেন মহন্ত প্ৰেক্ষাগৃহত অনুষ্ঠিত সদ্ভাৱনা সংসদ অনুষ্ঠানত জিলা জমিয়তৰ সভাপতি মৌলানা আতাউৰ ৰহমানৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত শিখা শৰ্মাই কয়," ধৈৰ্য, সহনশীলতা, আদৰ্শ‌ই হৈছে ইছলাম। ইছলাম ধৰ্মীয় লোকৰ পৱিত্ৰ ধৰ্ম গ্ৰন্থখন কেৱল এখন ধৰ্ম গ্ৰন্থ‌ই নহয় ই এখন সম্পদ। আচলতে এই গ্ৰন্থখন এখন সংবিধান, এখন আইন,ন্যায়ৰ প্ৰতিমূৰ্তি, একতাৰ প্ৰতিফলন। শৰ্মাই দৈনিক এঘন্টাকৈ কোৰাণ শ্বৰীফ পঢ়ে বুলি দাবী কৰি কয়, কোৰাণ পঢ়া অথবা বুজা মানুহে কেতিয়াও বেয়া কাম কৰিব নোৱাৰে। অপৰাধী অপৰাধীয়েই ইয়াৰ কোনো ধৰ্ম নাই। এটা ধৰ্মত দুই এজনে বেয়া কাম কৰিলেই সেই ধৰ্মটোৰ সকলো লোক বেয়া হৈ নাযায়। অৱশ্যে শিক্ষাৰ অভাৱত মুছলমান লোকৰ মাজত অপৰাধ প্ৰৱনতা বৃদ্ধি হোৱা বুলি লেখিকা গৰাকীয়ে উল্লেখ কৰে।

কেবা শতাধিক জমিয়তৰ নেতা-কৰ্মী উপস্থিত থকা সভাত জমিয়ত নেতা তথা ধিঙৰ বিধায়ক আমিনুল ইছলামে নিজৰ বক্তব্য দাঙি ধৰি কয়, "আমাৰ মাজত সদ্ভাৱনা যিমানেই বৃদ্ধি হ'ব সিমানেই দেশখন আগুৱাই যাব। অসম তথা ভাৰতবৰ্ষত মুছলমানে ৰোজা ভংগ কৰি হিন্দুক তেজ দিয়াৰ নজিৰ বহু আছে। আনকি, একেখন গেইটেৰে কিছু সময় গৈ এফালে মুছলমানে নামাজ পঢ়া আৰু হিন্দুৱে পূজা কৰাৰ নজিৰ থকা এইখন দেশত শান্তি-সম্প্ৰীতি বিনষ্ট কৰিব বিচৰা অপশক্তিক কঠোৰ হাতেৰে দমন কৰিব লাগিব" বুলি বক্তব্য আগবঢ়াই হিন্দু- মুছলমানৰ নাম লৈ বিভেদ সৃষ্টি কৰা অপশক্তিক প্ৰতিহত কৰিবলৈ সকলো শ্ৰেণীৰ লোক একত্ৰিত হ'বলৈ বিধায়ক গৰাকীয়ে আহ্বান জনায়।

সভাত নগাঁও গুৰুদ্বাৰ কমিটিৰ সম্পাদক হৰদয়াল সিং, অসম খিলঞ্জীয়া সুৰক্ষা সমিতিৰ সভাপতি বিমল জ্যোতি বৰদলৈ, বিশিষ্ট সমালোচক বিপুল শৰ্মা, নগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰথি মোহন নাথ, বিশিষ্ট সমাজকৰ্মী চম্পক কলিতা আদিয়ে ভাষণ দিয়ে। সভাৰ আৰম্ভণিতে আদৰণি বক্তব্য আগবঢ়ায় ৰাজ্যিক জমিয়তৰ সাধাৰণ সম্পাদক মৌলানা আব্দুল কাদিৰ কাছিমীয়ে।

nagaon assam