ড্ৰাগছৰ বাবে পুনৰ প্ৰান গ’ল এজন যুৱকৰ…

ড্ৰাগছৰ বাবে পুনৰ প্ৰান গ’ল এজন যুৱকৰ…

author-image
asomiyapratidin
New Update
ব্ৰহ্মপুত্ৰত জাঁপ দি মহিলাৰ আত্মহত্যা!

ডিজিটেল সংবাদ, নগাঁও: ড্ৰাগছৰ বাবে পুনৰ প্ৰান গ'ল এজন যুৱকৰ । শুকুৰবাৰে নগাঁৱৰ ৰাইডঙীয়াৰ গৰৈমাৰীত উদ্ধাৰ এজন যুৱকৰ মৃতদেহ।

ড্ৰাগছ সেৱন কৰি মৃত্যু হোৱাৰ সন্দেহ ৰাইজৰ। দুদিন পূৰ্বে নিচা মুক্তি কেন্দ্ৰৰ পৰা আহিছিল যুৱক জন। বৃহস্পতিবাৰে নগাঁৱৰ শহুৰেকৰ ঘৰৰ পৰা বগৰিগুৰিৰ ঘৰলৈ আহিছিল যুৱক জন।

মৃত যুৱক জনৰ নাম বাহাৰুল ইছলাম ওৰফে ৰিকি। ঘটনাস্থলিত জাজৰি আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্রেৰণ কৰে।

আৰু পঢ়ক: অন্বেষণৰ এটা জীৱনৰ মহা সমাপ্তি…

drugs nagaon assam Assam police