/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/06/sbi.jpg)
ডিজিটেল সংবাদ,নগাঁও: নগাঁৱত অব্যাহত আছে চিলনী চোৰৰ সন্ত্ৰাস। সোমবাৰে দিন দুপৰতে চহৰখনৰ নগাঁও কলেজ চ'কত মটৰচাইকেলত অহা চিলনীচোৰে সংঘটিত কৰিলে এক ধন লুটৰ ঘটনা। নগাওঁ চহৰৰ আমিনপট্টীৰ বয়োজ্যেষ্ঠ ঠিকাদাৰ আজিজুৰ ৰহমান চৌধুৰীয়ে দুপৰীয়া ভাৰতীয় ষ্টেট বেংকৰ নগাঁও শাখাৰ একাউণ্টৰ পৰা তিনি লাখ টকা উলিয়াই এটা বেগত লৈ নিজ ঘৰলৈ গৈ থকা অৱস্থাত নগাঁও কলেজ চ'কত মটৰচাইকেলত অহা দুজন অচিনাকী দুৰ্বৃত্তই আগচি ধৰি চৌধুৰীৰ ধনভৰ্তি বেগটো কাঢ়ি লৈ উধাও হয়।
লগে লগে তেওঁ চিঞৰ বাখৰ কৰি ঘটনাস্থলীত উপস্থিত থকা লোক সকলৰ সহায় বিচাৰে যদিও তেতিয়ালৈকে টকাৰ বেগটো লৈ দুজনীয়া দুৰ্বৃত্তৰ দলটোৱে সেই ঠাইৰ পৰা তীব্ৰ বেগেৰে পলায়ন কৰে। টকাৰ বেগটো টনা আজোৰা কৰাত ঠিকাদাৰ জন কিছু পৰিমাণে আঘাতপ্ৰাপ্তও হয়।
জানিব পৰা মতে লোকজনে ঠিকাৰ ধন লাভ কৰাত ঋণ পৰিশোধ কৰাৰ বাবে উক্ত ধনখিনি বেংকৰ পৰা উলিয়াই আনিছিল। ঠিকাদাৰ আজিজুৰ ৰহমানে নগাঁও সদৰ থানাত এক এজাহাৰ দাখিল কৰিছে। উক্ত এজাহাৰৰ ভিত্তিত নগাঁও আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে যদিও বাতৰি লিখা সময়লৈকে আৰক্ষীয়ে কোনো লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই।
আৰু পঢ়ক: মুখ্যমন্ত্ৰী সাহায্য পূঁজিলৈ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ ৩ লাখ টকাৰ সাহায্য…
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us