‘লোক কল্যাণ দিৱস’ত নগাঁৱত ৫ কৰ্মচাৰীক সম্বৰ্ধনা…

‘লোক কল্যাণ দিৱস’ত নগাঁৱত ৫ কৰ্মচাৰীক সম্বৰ্ধনা…

author-image
asomiyapratidin
New Update
‘লোক কল্যাণ দিৱস’ত নগাঁৱত ৫ কৰ্মচাৰীক সম্বৰ্ধনা…

ডিজিটেল সংবাদ, নগাঁও: নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত শুকুৰবাৰে নগাঁও জিলা পুথিভঁড়ালত লোক কল্যাণ দিৱস উদযাপন কৰা হয় ৷ লোক কল্যাণ দিৱস অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্ত,  বিধায়ক ৰূপক শৰ্মা আৰু জিলা উপায়ুক্তৰ লগতে উচ্চ পদস্থ বিষয়া বৰ্গ । এই দিৱসৰ লগত সংগতি ৰাখি মন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত পাঁচ গৰাকীকৈ নগাঁও জিলাৰ চৰকাৰী কৰ্মচাৰীক নগদ ২৫ হাজাৰ আৰু একোখনকৈ মান পত্ৰৰে সম্বৰ্ধনা জনোৱা হয়।

Advertisment

সম্বৰ্ধনা জনোৱা ব্যক্তিসকল হৈছে জ্যেষ্ঠ সহায়ক কলিয়াবৰ মহকুমাধিপতি কাৰ্য্যালয়ৰ অনু শইকীয়া,  কলিয়াবৰ মহকুমাধিপতি কাৰ্য্যালয়ৰ জ্যেষ্ঠ সহায়ক মমতাজ আনচাৰী,  নগাঁও উপায়ুক্ত কাৰ্যালয়ৰ পৰ্য্যবেক্ষক সহায়ক জয়ন্ত শৰ্মা, জ্যেষ্ঠ সহায়ক পবিত্ৰ লাডু আৰু সীমান্ত হাজৰিকা৷ সভাত মন্ত্ৰী কেশৱ মহন্তই লোকপ্ৰিয় গোপীনাথ বৰদলৈক স্মৰণ কৰি কয় যে অসমীয়া জাতিৰ পিতৃস্বৰূপ গোপীনাথ বৰদলৈ৷

লগতে তেওঁ কয়, 'তেখেতক যিমান সোনকালে স্বীকৃতি দিব লাগিছিল সিমান সোনকালে বিগত সময়ত স্বীকৃতি দিয়া নহ'ল৷ বৰ্তমানৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপি চৰকাৰে গোপীনাথ বৰদলৈৰ মৃত্যু দিৱসটি লোক কল্যাণ দিৱস হিচাপে চৰকাৰী ভাবে পালনৰ ব্যৱস্হা কৰা হৈছে৷'

আৰু পঢ়ক : দলংঘাট ব্লক কংগ্ৰেছ কমিটিৰ প্ৰতিবাদ… 

assam Assam police himanta biswa sarma bjp