/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/04/nnn.jpg)
ডিজিটেল সংবাদ , নগাঁও :ঐতিহ্যমণ্ডিত নগাঁও উকীল সন্থাৰ আগন্তুক কাৰ্যকালৰ বাবে শুকুৰবাৰে সন্থাৰ নিৰ্বাচন অনুষ্ঠিত হয়। আগন্তুক কাৰ্যকালৰ বাবে নগাঁও আদালতৰ জ্যেষ্ঠ অধিবক্তা আবুল হাচিম খণ্ডকাৰ সভাপতি , অধিবক্তা অমিয় কুমাৰ হাজৰিকা উপ সভাপতি, আৰু আন এগৰাকী জ্যেষ্ঠ অধিবক্তা অজিত কুমাৰ বৰাক সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হয় ৷
উল্লেখযোগ্য যে, বিগত সময়টো আবুল হাচিম খণ্ডকাৰ আৰু অজিত কুমাৰ বৰাই সন্থাৰ সভাপতি আৰু সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। পুৱা দহ বজাৰ পৰা নিৰ্বাচন উপলক্ষে ভোট দান প্ৰক্ৰিয়া আৰম্ভ হৈছিল ৷ বিয়লি পাঁচ বজাত ভোটগ্ৰহণ সমাপ্ত হয় ৷ প্ৰায় চাৰিশ অধিবক্তাই এই নিৰ্বাচনত ভোট দান কৰে ৷ ভোট গ্ৰহণৰ অন্তত এই ফলাফল ঘোষণা কৰা হয় ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us