/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/a71bc1f5-bc2c-4b2c-ad1f-f4e6da28e9c6/kiren.jpg)
nagaon kiren rijiju
ডিজিটেল সংবাদ, নগাঁও : নগাঁও, কলিয়াবৰ আৰু বৰপেটা লোকসভা সমষ্টি আগন্তুক দিনত বিজেপিয়ে নিজৰ দখলত ৰখাৰ পৰিকল্পনা কৰিছে ৷ আগন্তুক লোকসভা নিৰ্বাচনত এই তিনিটা লোকসভা সমষ্টিত বিজেপিয়ে দলীয় প্ৰাৰ্থীক প্ৰক্ষেপ কৰাৰ সম্ভৱনা অধিক ৷
নগাঁও, কলিয়াবৰ আৰু বৰপেটা লোকসভা সমষ্টিৰ এটাও বিজেপিয়ে মিত্ৰদল অগপক এৰি দিয়াৰ সম্ভৱনা নাই ৷ বিজেপিৰ কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুয়ে এই তিনিটা লোকসভা সমষ্টি মিত্ৰদল অগপক এৰি দিয়াৰ সম্ভৱনা নথকাৰ ইঙ্গিত প্ৰদান কৰিছে ৷
নগাঁৱত সোমবাৰে কেন্দ্ৰীয় মন্ত্ৰী তথা উক্ত তিনি লোকসভা সমষ্টিৰ প্ৰভাৰী কিৰেণ ৰিজিজুয়ে কয় যে আমি নিজৰ দলৰ বাবে কাম কৰিম ৷ মিত্ৰ দল অগপৰ কথা বেলেগকৈ নকওঁ ৷ কলিয়াবৰ, নগাঁও আৰু বৰপেটাত বিজেপিৰ সাংসদ নথকাৰ বাবে উন্নয়নৰ কামত অসুবিধা হৈছে ৷ আগন্তক দিনত তিনিওটা লোকসভাতে বিজেপি প্ৰাৰ্থী বিজয় কৰোৱাই উন্নয়ন মূলক কাম আগবঢ়াই নিয়াৰ চেষ্টা কৰা হ'ব ৷
কেন্দ্ৰীয় মন্ত্ৰী ৰিজিজুয়ে সোমবাৰে নগাঁৱৰ মঁহখুলিত নিৰ্মাণ হৈ থকা চিকিৎসা মহাবিদ্যালয়ৰ কামৰ বুজ ল'বলৈ চিকিৎসালয় চৌহদত উপস্থিত হয় ৷ মন্ত্ৰীজনে চিকিৎসা মহাবিদ্যালয়ৰ কাম পৰিদৰ্শন কৰি সন্তোষ্টি প্ৰকাশ কৰে ৷ নিয়ম মতে কাম চলি থকা বুলি মন্তব্য কৰি মন্ত্ৰী কিৰেণ ৰিজিজুয়ে কয় যে চিকিৎসা মহাবিদ্যালয় খনিৰ কাম নিৰ্ধাৰিত সময়ত সম্পূৰ্ণ হ'ব ৷
লগতে তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আৰ্শীবাদত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত ভালদৰে কাম কৰি আহিছে ৷ উত্তৰ পূৰ্বাঞ্চলত বিজেপিয়ে কৰি থকা উন্নয়ন মূলক কামক লৈ সন্তোষ্টি প্ৰকাশ কৰা মন্ত্ৰীজনে সংবাদমাধ্যমে বিজেপিৰ উন্নয়নমূলক কাম সমূহৰ সহযোগ কৰাৰ বাবে ধন্যবাদ জনায় ৷
নৱ-নিৰ্মিত চিকিৎসা মহাবিদ্যালয় কামকাজ প্ৰত্যক্ষ কৰাৰ সময়ত কেন্দ্ৰীয় মন্ত্ৰীজনৰ লগত উপস্থিত থাকে বিধায়ক ৰূপক শৰ্মা, জিলা উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহৰ লগতে লোক নিৰ্মান বিভাগৰ বিষয়া কৰ্মচাৰী সকল ৷