অপহৰণকাৰীৰ কবলৰ পৰা নিজকে ৰক্ষা এটি ৬ বছৰীয়া শিশুৰ…

অপহৰণকাৰীৰ কবলৰ পৰা নিজকে ৰক্ষা এটি ৬ বছৰীয়া শিশুৰ…

author-image
asomiyapratidin
New Update
অপহৰণকাৰীৰ কবলৰ পৰা নিজকে ৰক্ষা এটি ৬ বছৰীয়া শিশুৰ…

ডিজিটেল সংবাদ, নগাঁও: নগাঁৱত শিশু অপহৰনৰ চেষ্টা। সোমবাৰে চহৰখনৰ পলিটেকনিকৰ সমীপৰ পৰা এটি ৬ বছৰীয়া শিশুক অপহৰণৰ চেষ্টা কৰে এজনে।

 বঢ়মপুৰৰ এটি ৬ বছৰীয়া শিশুয়ে সাহসিকতাৰে নিজক ৰক্ষা কৰে অপহৰণকাৰীৰ কবলৰ পৰা। টমটম চালকৰ ৰূপত থকা অপহৰণকাৰীক ইতিমধ্যে আটক কৰিছে আৰক্ষীয়ে ।

অভিযোগ অনুসৰি মাতৃয়ে দোকানৰ পৰা পানী বটল কিনিবলৈ যাওঁতে ছয়বছৰীয়া শিশুটিক লৈ উধাও হৈছিল অপহৰনকাৰীটো। অপহৰনকাৰীয়ে শিশুটিক জোৰকৈ টমটমত লৈ যাওঁতে শিশুটিয়ে সুযোগ বুজি জপিয়াই দি নিজক ৰক্ষা কৰে।

পিছত স্থানীয় লোকে শিশুটিক উদ্ধাৰ কৰি মাতৃক গতাই দিয়ে। লগতে অপহৰণকাৰীক আটক কৰি উত্তম মাধ্যম দি আৰক্ষীক চমজি দিয়ে। এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে নগাঁও চহৰত।

আৰু পঢ়ক: বৰ্বৰ! ডাইনীৰ সন্দেহত মহিলাক হত্যা কৰি গছত ওলমাই থ'লে মৃতদেহ

nagaon assam Assam police