/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/nagaonnn-3333.jpg)
ডিজিটেল সংবাদ, নগাঁও : নগাঁও কাৰাটে সংস্থাই আয়োজন কৰিছে নগাঁও জিলা দ্বিত্বীয় আন্তঃক্লাৱ কাৰাটে প্ৰতিযোগিতা ৷ ২১ আগষ্টত নগাঁও চহৰৰ ডিমৰুগুৰিৰ নগাঁও গোপীনাথ দেব গোস্বামী বাণিজ্য মহাবিদ্যালয়ৰ ক্ৰীড়া প্ৰকল্পত প্ৰতিযোগিতাখনি অনুষ্ঠিত হ'ব ৷ পুৱা ৯ বজাৰ পৰা আৰম্ভ হ'ব লগা প্ৰতিযোগিতাখনিৰ বাবে ইতিমধ্যে জিলাখনৰ প্ৰায় পাঁচশ প্ৰতিযোগীয়ে নাম পঞ্জিয়ন কৰিছে ৷
সংস্থাৰ সভাপতি লীলা বৰা আৰু সাধাৰণ সম্পাদক পংকজ কুমাৰ মুদৈয়ে জনোৱা মতে মহাবিদ্যালয়ৰ ক্ৰীড়া প্ৰকল্পত দিনৰ ১১ বজাত উদ্বোধনী অনুষ্ঠানটি অনুষ্ঠিত হ'ব ৷ প্ৰতিযোগিতাখন কাটা আৰু কুমিটেৰ ৮২ টা শাখাত প্ৰতিযোগিতা অনুষ্ঠিত হ'ব ৷ প্ৰতিযোগিতাৰ বাবে বিচাৰকৰ বিশেষ প্ৰশিক্ষণ শিবিৰ এটি মঙলবাৰে অনুষ্ঠিত হয় ৷
এই প্ৰশিক্ষণ শিবিৰত ৪২ গৰাকীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰে ৷ দিনযোৰাকৈ ডিমৰুগুৰিত অনুষ্ঠিত এই প্ৰশিক্ষণ শিবিৰত অসম ৰাজ্যিক কাৰাটে সংস্থা ৰেফাৰি কমিচনৰ উপ-সভাপতি দীপক জৈনে প্ৰশিক্ষণ প্ৰদান কৰে ৷