নগাঁও জিলা কবি সন্মিলনৰ “কাব্যধ্বনি” অনুষ্ঠান

নগাঁও জিলা কবি সন্মিলনৰ “কাব্যধ্বনি” অনুষ্ঠান

author-image
asomiyapratidin
New Update
নগাঁও জিলা কবি সন্মিলনৰ “কাব্যধ্বনি” অনুষ্ঠান

ডিজিটেল সংবাদ,নগাঁও : সদৌ অসম কবি সন্মিলনৰ অন্তৰ্ভুক্ত নগাঁও জিলা কবি সন্মিলনৰ ধাৰাবাহিক কাব্যানুষ্ঠান "কাব্যধ্বনি" অনুষ্ঠানটো দেওবাৰে কঠীয়াতলী শাখা কবি সন্মিলনৰ সহযোগত কঠীয়াতলীৰ বিশিষ্ট সাহিত্যিক ঘন বৰাৰ বাসগৃহত অনুষ্ঠিত হয়।

নগাঁও জিলা কবি সন্মিলনৰ সভাপতি দ্বিজেন্দ্ৰ নাথ হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা "কাব্যধ্বনি" অনুষ্ঠানটো পৰ্যালোচনা কৰে কামপুৰ আঞ্চলিক কবি সন্মিলনৰ সভাপতি গুণ কাকতীয়ে।অনুষ্ঠানৰ আৰম্ভণিতে এটি বিহু নৃত্য প্ৰদৰ্শন কৰে কণমানি কল্পি ডেকাৰজাই।

অনুষ্ঠানত উপস্থিত থাকি কবিতা পাঠ কৰে নগাঁও জিলা কবি সন্মিলনৰ সভাপতি দ্বিজেন্দ্ৰ নাথ হাজৰিকা,কামপুৰ আঞ্চলিক কবি সন্মিলনৰ সভাপতি গুণ কাকতী,নগাঁও জিলা কবি সন্মিলনৰ উপ সভাপতি ক্ৰমে কৰবী লিগিৰা,অশোকৰাম ভট্ৰাচাৰ্য,সদৌ অসম কবি সন্মিলনৰ সাংগঠনিক সম্পাদক সঞ্জীৱ সাগৰ চৌধুৰ আগিকে ধৰি ত্ৰিশ গৰাকী কবিয়ে।

অনুষ্ঠানত

কবি দিগন্ত ভাগৱতীয়ে কবিতাৰ লগতে গীত পৰিৱেশন কৰি উপস্থিত কবি সকলক মন্ত্ৰমুগ্ধ কৰি তোলে। আনহাতে ভাস্কৰ বড়োৱে সুন্দৰ কবিতা আবৃত্তি কৰি অনুষ্ঠানটো সোণত শুৱগা কৰি তোলে।বিশিষ্ট সাহিত্যিক ঘনকান্ত বৰাৰ পৰিয়ালৰ ফালৰ পৰা প্ৰতিগৰাকী কবিক একোখনকৈ বিহুৱানেৰে সম্বৰ্ধনা জনায়।কাব্যধ্বনি অনুষ্ঠানত অংশ গ্ৰহণ কৰা নগাঁও জিলাৰ প্ৰতিটো শাখাৰ কবি সকলক কৃতজ্ঞতা জ্ঞাপন কৰে নগাঁও জিলা কবি সন্মিলনৰ সম্পাদক ৰাজু সমীৰণে।

আৰু পঢ়ক: নগাঁও আৰক্ষীৰ জালত ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰবঞ্চক চক্ৰৰ সদস্য

nagaon assam