/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/09/agrani-batory.jpg)
ডিজিটেল সংবাদ, নগাঁও: অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা, যুগনায়ক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ বিষয়ে সামাজিক মাধ্যমত বিপ্লৱ জ্যোতি ভূঞাঁ নামৰ দাম্ভিক ব্যক্তি এজনে অশ্লীল ভাষাৰে বিতৰ্কিত মন্তব্য কৰিছিল। এই সন্দৰ্ভত নগাঁও জিলা সত্ৰ মহাসভাই গভীৰ উদ্বেগ প্ৰকাশ কৰিছে।
যিজন পৰম কৃপালু সৰ্বগুণাকৰ গুৰুৱে ভাষা-কৃষ্টি-সংস্কৃতিৰ যোগেদি অসমীয়া জাতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰি গ'ল, যিজন গুৰুৰ শিক্ষাদানেৰে অসমীয়াসকলে এক সংস্কৃতিবান জাতি হিচাপে বিশ্বত প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে, তেনে এজন মহামতি গুৰুৰ বিষয়ে অতি অশ্লীল মন্তব্য কৰাটো অতি পৰিতাপৰ বিষয় আৰু অক্ষমনীয় অপৰাধ। অসম সত্ৰ মহাসভাই ইয়াক কোনো পধ্যেই সহ্য নকৰে।
বিশ্বতে অদ্বিতীয় অসমৰ সত্ৰানুস্থান সমূহে প্ৰায় ৬০০ বছৰকাল মহাপুৰুষ গুৰুজনাই দি থৈ যোৱা বিশাল সাহিত্যৰাজিৰ সংৰক্ষণ তথা কৃষ্টি-সংস্কৃতিৰ পৰম্পৰাগতভাবে চৰ্চা- অনুশীলন অব্যাহত ৰাখি ইয়াৰ ধাৰা উত্তৰ পুৰুষলৈ আজি পৰ্যন্ত কঢ়িয়াই লৈ আহিছে। এই সত্ৰসমূহে অসমৰ সামাজিক সাংস্কৃতিক আৰু আধ্যাত্মিক দিশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে আৰু যাক লৈ প্ৰতিজন অসমীয়াই গৌৰৱ কৰিব পাৰে।
এনে স্থলত এই ভণ্ড ব্যক্তি জনে সত্ৰৰ ওপৰত এনেদৰে কৰা কটু মন্তব্য সত্ৰসমূহৰ প্ৰতি চৰম অপমানজনক।
নগাঁও জিলা সত্ৰ মহাসভাই এই বিষয়ত গভীৰ উদ্বেগ প্ৰকাশ কৰাৰ লগতে এই দোষী ব্যক্তিজনক কঠোৰতম শাস্তি প্ৰদানৰ জৰিয়তে সমাজত বিশৃংখলতাৰ বিষবাস্প বিয়পাবলৈ কৰা অপচেষ্টাক মষিমূৰ কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনায়।
জিলা সত্ৰ মহাসভাৰ সম্পাদক উৎপল মহন্তই এক বিবৃতিত কয়, যেনে স্থলত, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ গৃহজিলাৰ বাসিন্দা হিচাপে চিনাকী দি নগঞাঁ ৰাইজে গৌৰৱ বোধ কৰে আৰু নিজকে পৰম ভাগ্যৱান বুলি অনুভৱ কৰে, এনেস্থলত এই নগাঁৱৰে এজন সন্তানৰ এনে উদ্ভত কাৰ্য্য ই আমাক স্তম্ভিত কৰি তুলিছে।
যিটো দিনত অসমৰ প্ৰতিখন গাঁৱৰ, চহৰৰ নামঘৰত, প্ৰতিখন সত্ৰত, বিশ্বৰ প্ৰান্তে প্ৰান্তে বৰ্ণাঢ্য কাৰ্যসূচীৰে গুৰুজনাৰ পৱিত্ৰ তিৰোভাৱ তিথি উদযাপন কৰি গুৰুজনালৈ শ্ৰদ্ধা নিবেদন কৰা হৈছে সেই দিনটোতে বিকৃত মানসিকতাৰ এই লোকজনে গুৰুনিন্দা কৰি ৰাইজৰ আস্থাক পদাঘাট কৰি চিৰদিনলৈ কলংক ৰাখিলে।
সেয়ে, এই দুস্কৃতিকাৰীজনক দৃষ্টান্ত মূলক কঠোৰ শাস্তি প্ৰদানৰ জৰিয়তে ভৱিষ্যতে যাতে কোনেও এনে কৰিবলৈ দুঃসাহস কৰিব নোৱাৰে তাৰ উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনায়।
আৰু পঢ়ক: নিচা মুক্তি কেন্দ্ৰত মন্ত্ৰী পিযুষ হাজৰিকাৰ চাডেন ভিজিট, পোহৰলৈ আহিল ভয়ংকৰ ছবি