Advertisment

নীলপৱন বৰুৱাৰ বিয়োগত অসম জাতীয় পৰিষদৰ নগাঁও জিলা সমিতিৰ শোক প্ৰকাশ...

নীলপৱন বৰুৱাৰ বিয়োগত অসম জাতীয় পৰিষদৰ নগাঁও জিলা সমিতিয়ে গভীৰ শোক প্ৰকাশ কৰিছে

author-image
Asomiya Pratidin
New Update
নীলপৱন বৰুৱাৰ বিয়োগত অসম জাতীয় পৰিষদৰ নগাঁও জিলা সমিতিৰ শোক প্ৰকাশ...

ajp nagaon

ডিজিটেল সংবাদ, বটদ্ৰৱা : অসমৰ বৰেণ্য চিত্ৰশিল্পী 'অসম সৌৰভ' নীলপৱন বৰুৱাৰ বিয়োগৰ বাতৰিয়ে অসমৰ শিল্পী সমাজৰ লগতে সমগ্ৰ অসমবাসীক মৰ্মাহত কৰিছে ৷ নীলপৱন বৰুৱাৰ বিয়োগত অসম জাতীয় পৰিষদৰ নগাঁও জিলা সমিতিয়ে গভীৰ শোক প্ৰকাশ কৰিছে।

Advertisment

অসম জাতীয় পৰিষদ নগাঁও জিলাৰ হৈ সভাপতি পুলিন হাজৰিকাই বৰুৱাদেৱৰ বিদেহ আত্মাৰ চিৰশান্তি কামনাৰে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাই "বৰুৱাদেৱৰ বিয়োগ আমাৰ বাবে এক অনাকাংক্ষিত খবৰ" বুলি মত প্ৰকাশ কৰে।

ইফালে নীলপৱন বৰুৱাৰ বিয়োগত বটদ্ৰৱা নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামীয়ে শোক প্ৰকাশ কৰি "অসমৰ চিত্ৰশিল্পৰ জগত খনলৈ এক অজান শূণ্যতা নামি আহিল, অসমৰ সাংস্কৃতিক জীৱনৰ পৰা চিৰদিনলৈ উজ্জ্বল নক্ষত্ৰ হেৰাই গ'ল। তেখেতৰ আত্মাই বৈকুণ্ঠত স্থান লাভ কৰক বুলি মন্তব্য কৰে।

আনহাতে নীলপৱন বৰুৱাৰ বিয়োগত অসম নাট্য সন্মিলন নগাঁও জিলা সমিতিৰ সভাপতি ইন্দ্ৰমোহন বৰুৱা, বটদ্ৰৱা শ্ৰীমন্ত শঙ্কৰদেৱ গৱেষণা প্ৰতিষ্ঠানৰ উপ-সভাপতি অতুল মহন্তই গভীৰ শোক প্ৰকাশ কৰে।

nagaon NILPABAN BARUAH AJP assam