নগাঁৱৰ দক্ষিণপাটত ৭৬ বেগ চৰকাৰী চাউল জব্দ, আটক এজন...

বেবেজীয়া আৰক্ষীয়ে শনিবাৰে দুপৰীয়া উদ্ধাৰ কৰে চৰকাৰী চাউলৰ বস্তা

author-image
Asomiya Pratidin
New Update
নগাঁৱৰ দক্ষিণপাটত  ৭৬ বেগ চৰকাৰী চাউল জব্দ, আটক এজন...

nagaon

ডিজিটেল সংবাদ, বেবেজীয়া : নগাওঁ জিলাৰ বেবেজীয়া আৰক্ষী চকীৰ অন্তৰ্গত দক্ষিণপাট সত্ৰৰ সমীপৰ এটা মিলত অবৈধভাৱে মজুত ৰখাৰ সময়তে বেবেজীয়া আৰক্ষীয়ে শনিবাৰে দুপৰীয়া উদ্ধাৰ কৰে চৰকাৰী চাউলৰ বস্তা।

আৰক্ষীয়ে চাউলৰ বস্তাৰ লগতে এএছ ০২ চিচি ৭৫৮৫ নম্বৰৰ এখন ডি আই বাহনো জব্দ কৰে। চৰকাৰী চাউল সৰবৰাহ কৰা সন্দৰ্ভত আৰক্ষীয়ে আটক কৰিছে পতুল আলী নামৰ এজনক।

ডবকালৈ চাউলৰ বস্তাসমূহ সৰবৰাহ কৰা সময়তে আৰক্ষীয়ে জব্দ কৰে চৰকাৰী চাউলৰ বেগ। আটকাধীন লোকজন গেলামাল দোকানী বুলি জানিব পৰা গৈছে। উল্লেখ্য যে ইয়াৰ কিছুদিন পূৰ্বেও নগাঁৱৰ হয়বৰগাঁও আৰক্ষীয়ে এখন চাউল ভৰ্তি বাহন জব্দ কৰিছিল।

nagaon assam