/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/8d5d3fe0-2df6-4165-94b1-be7c8db7a477/nagaon.jpg)
ডিজিটেল সংবাদ, নগাঁও : ৰাজ্যৰ অগ্ৰণী স্বেচ্ছাসেৱী সংস্থা এ বি আৰ চি ফাউণ্ডেশ্যনৰ উদ্যোগত শনিবাৰে ড্ৰাগছ আসক্ত লোক সকল তথা তেওঁলোকৰ পৰিয়ালৰ কল্যাণৰ নিমিত্তে হেল্পলাইন নম্বৰ মুকলি কৰা হয়।
নতুন বজাৰত অনুষ্ঠিত উক্ত হেল্পলাইন নম্বৰ মুকলি অনুষ্ঠানত নিমন্ত্ৰিত অতিথি ৰূপে অংশ গ্ৰহণ কৰি বিশিষ্ট সমাজকৰ্মী তথা বটদ্ৰৱা থান পৰিচালনা সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক ব্ৰজেন কাকতিয়ে কয় যে বৰ্তমান আমাৰ সমাজৰ বহু পৰিয়ালত সংস্কৃতি, ঐতিহ্য আৰু আধ্যাত্মিক পৰিবেশ সমূহৰ অভাৱৰ বাবে বহু নৱপ্ৰজন্ম ড্ৰাগছৰ কৰালগ্ৰাসত পৰিছে।
এ বি আৰ চি ফাউণ্ডেশ্যনে ড্ৰাগছ আসক্ত লোকসকল তথা তেওঁলোকৰ পৰিয়ালৰ কল্যাণৰ নিমিত্তে গ্ৰহণ কৰা সেৱা সচাকৈ প্ৰশংসনীয় বুলিও তেওঁ মন্তব্য কৰে । অনুষ্ঠানত উপস্থিত থাকি নগাঁও জিলা আৰক্ষী উপ অধীক্ষক ত্ৰিদিপ প্ৰতীম কুম্বাঙে এ বি আৰ চি ফাউণ্ডেশ্যনে গ্ৰহণ কৰা ড্ৰাগছ বিৰোধী অভিযানত নগাঁও আৰক্ষীয়ে সদায় সহযোগত আগবঢ়াব বুলি মন্তব্য আগবঢ়ায় ৷
নগাঁও খাগৰিজান মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ৰমেশ নাথ, নগাঁও গোপীনাথ দেৱ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ মৃগাংক শইকীয়া, নগাঁও ৰামানুজন মহাবিদ্যালয়ৰ অধ্যক্ষ দিলীপ বৰা, আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ জয় কুমাৰ সিংহ, সমাজ কল্যাণ বিভাগৰ সমন্বয়ক কুইন বৰা আদি কৰি কেইবাগৰাকী ব্যক্তি উপস্থিত থাকে।
তেওঁলোকৰ উপস্থিতিত ড্ৰাগছ আসক্ত লোকসকল তথা তেওঁলোকৰ পৰিয়ালৰ কল্যাণৰ নিমিত্তে ৯৯৫৭৭১৬৭৬৬ আৰু ৯৯৫৭৭১৬৮৭৭ দুটা হেল্পলাইন নম্বৰ মুকলি কৰা হয়।
সাংবাদিক দিব্যজ্যোতি বৰুৱাই আঁত ধৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত এ বি আৰ চি ফাউণ্ডেশ্যনৰ সম্পাদক অংকুৰ কলিতা, ৰূপহী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জীত কুমাৰ ৰয়, নগাঁও সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ ৰাজবংশীকে আদি কৰি কেইবাগৰাকী ব্যক্তি উপস্থিত থাকে।