নগাঁৱত চিকিৎসা বিজ্ঞানৰ উত্তৰণৰ বাবে দেহ দান কৰিলে অধ্যাপক , শিল্পীয়ে

নগাঁৱত চিকিৎসা বিজ্ঞানৰ উত্তৰণৰ বাবে দেহ দান কৰিলে অধ্যাপক , শিল্পীয়ে

author-image
asomiyapratidin
New Update
নগাঁৱত চিকিৎসা বিজ্ঞানৰ উত্তৰণৰ বাবে দেহ দান কৰিলে অধ্যাপক , শিল্পীয়ে

ডিজিটেল সংবাদ , নগাঁও : চিকিৎসা বিজ্ঞানৰ উত্তৰনৰ বাবে নগাঁৱত সহকাৰী অধ্যাপক আৰু এগৰাকী শিল্পীয়ে দেহ দান কৰে ৷ ইলোৰা বিজ্ঞান মঞ্চৰ নগাঁও শাখাৰ ওচৰত মৰনোত্তৰ ভাবে চিকিৎসা সেৱাৰ বাবে দেহদান কৰা সহকাৰী অধ্যাপক জনৰ নাম হৈছে পৃথিৰাজ বৰকাকতী ৷ বৰকাকতী ৰহা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক ৷ আনহাতে দেহ দান কৰা শিল্পী গৰাকীৰ নাম হৈছে অশ্ৰুমণি বৰা ৷ দুয়োৰে ঘৰ নগাঁও চহৰৰ আমোলাপট্টিত ৷ ৪৯ বছৰীয়া পৃথিৰাজ বৰকাকতী আৰু অশ্ৰুমণি বৰা দুয়ো পতি-পত্নী ৷

মঙলবাৰে বিয়লি নগাঁও চহৰৰ বেংগলী ছোৱালী স্কুলত অনুষ্ঠিত এক সভাত দুয়োজনে ইচ্ছাপত্ৰত স্বাক্ষৰ কৰি ইলোৰা বিজ্ঞান মঞ্চক দেহ দান কৰে ৷ সভাত ইলোৰা বিজ্ঞান মঞ্চৰ নগাঁও শাখাৰ অমৰেন্দ্ৰ নাথ শৰ্মা , যজ্ঞেশ্বৰ শৰ্মা , আদিলুৰ ৰহমান , লক্ষ্যজ্যোতি বৰঠাকুৰ , সত্যজিৎ ৰয় আদি উপস্হিত থাকে ৷ ইচ্ছাপত্ৰ অনুসৰি দুয়োজনৰ মৃত্যুৰ পিছত মৃতদেহ দুটি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় বা ডিফু চিকিৎসা মহাবিদ্যালয়ে নিব পাৰিব ৷

আৰু পঢ়ক: হে নেতা, কিমান চোলা পিন্ধা আৰু খোলা?

nagaon assam