নগাঁও ফৌজদাৰীপট্টি গুৰুদ্বাৰত গুৰুনানকৰ ৫৫৩ তম্ জন্মজয়ন্তী উদযাপন...

গুৰুনানকৰ ৫৫৩ তম্ জন্মজয়ন্তী ভাগ অতি উলহ-মালহেৰে দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়

author-image
Asomiya Pratidin
New Update
নগাঁও ফৌজদাৰীপট্টি গুৰুদ্বাৰত গুৰুনানকৰ ৫৫৩ তম্ জন্মজয়ন্তী উদযাপন...

gurunanak jayanti

ডিজিটেল সংবাদ, বেবেজীয়াঃ মঙলবাৰে নগাঁৱজিলাৰ ফৌজদাৰীপট্টিস্থিত গুৰুদ্বাৰত গুৰুদ্বাৰ প্ৰৱন্ধক কমিটীৰ ব্যৱস্থাপনাত শিখ ধৰ্মৰ প্ৰৱৰ্তক বিশ্বগুৰু গুৰুনানক দেৱৰ ৫৫৩ তম্ জন্মজয়ন্তী ভাগ অতি উলহ-মালহেৰে দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় ৷

Advertisment

গুৰুনানকৰ ৫৫৩ তম্ জন্মজয়ন্তীত আজি পুৱাৰে পৰা ফৌজদাৰীপট্টি গুৰুদ্বাৰত শিখ সমাজৰ ভক্তপ্ৰাণ ৰাইজ উপস্থিত হৈ জীপাল কৰি তুলে ৷ ফৌজদাৰীপট্টি গুৰুদ্বাৰ প্ৰৱন্ধক কমিটীৰ সভাপতি দেৱেন্দ্ৰ সিং চেহমীৰ নেতৃত্বত তথা সমূহ গুৰুদ্বাৰ সংগঠনৰ সহযোগীতাত কাৰ্যসূচী সফল ভাৱে ৰূপায়িত হয় ৷

অনুষ্ঠানত সৱদ-কীৰ্তন পৰিবেশন কৰে অনাঁতাৰ শিল্পী অমৃতা কৌৰ, চেৰ সিং, কৃষাণ সিঙে ৷ অনুষ্ঠানত সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে ৷ ইয়াৰ উপৰিও বেবেজীয়াৰ নিকতবৰ্তী বৃহত্তৰ অসমীয়া শিখ সমাজৰ উদ্যোগত বৰক’লা কেন্দ্ৰীয় গুৰুদ্বাৰত গুৰুনানকৰ ৫৫৩ তম্ জন্মজয়ন্তী অতি উলহ-মালহেৰে উদযাপন কৰা হয় ৷

guru nanak jayanti nagaon assam