/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/aimuhurto-khabar.jpg)
ডিজিটেল সংবাদ, নগাঁও : মানৱ জীৱনৰ আনুষ্ঠানিক শিক্ষাৰ আদিপাঠ আৰম্ভ হয় প্ৰাথমিক বিদ্যালয়ত ৷ শিক্ষাৰ বুনিয়াদৰ ভেটিয়ে হৈছে প্ৰাথমিক বিদ্যালয় ৷ স্বৰবৰ্ণ,ব্যঞ্জনবৰ্ণৰে আৰম্ভ হয় আনুষ্ঠানিক শিক্ষা ৷ অ-আ,ক-খৰে আৰম্ভ হোৱা শিক্ষা জীৱনক আগুৱাই মানবে উচ্চ শিখৰত আৰোহন কৰে ৷
আনুষ্ঠানিক শিক্ষাৰ ভেটি অ-আ,ক-খক লৈ কোনো শিক্ষিত বিষয়াই অনীতি কৰিব পাৰে বুলি বিবেকবান লোকে ভাবিব পাৰে নে ? ভাবিব নোৱাৰা কথাটোয়ে সংঘটিত হৈছে নগাঁৱৰ শিক্ষা বিভাগত ৷
পদবীৰ অপব্যৱহাৰ কৰি অ-আ,ক-খৰ নামত নগাঁও জিলাত ৰাজপত্ৰিত বিষয়া, শিক্ষা বিষয়া , গাননিক আদিয়ে মিলি লুটিছে চৰকাৰী ধন ৷ ৰাজ্য চৰকাৰে নগাঁও জিলাৰ প্ৰাথমিক পৰ্যায়ৰ প্ৰথম মান শ্ৰেণীৰ নামত যোগান ধৰা এক বৃহৎ অংকৰ ধন বিষয়াৰ দলটোয়ে আত্মসাত কৰাৰ গুৰুতৰ অভিযোগ উঠিছে ৷
চৰকাৰী খণ্ডৰ অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ বাবে ইতিবাচক বতৰা এই যে শেহতীয়াকৈ নগাঁও জিলাত অভিভাবক-ছাত্ৰ ছাত্ৰী অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ প্ৰতি আকৃষ্ট হৈছে ৷ এনে ইতিবাচক ক্ষনত বিষয়াই বিষয়টো অধিক গতিশীল কৰাৰ পৰিবৰ্তে হেঙাৰ হ'বলৈ আগবাঢ়িছে ৷
প্ৰথম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীক শিক্ষাৰ প্ৰতি অধিক আকৃষ্ট কৰি এক পৰিবেশ গঢ়িবলৈ চৰকাৰে আগবঢ়াইছিল ২৪৭০ টকাকৈ এক পুঁজি ৷ নগাঁও জিলাৰ প্ৰতিখন বিদ্যালয়ৰ প্ৰথম মান শ্ৰেণীৰ কোঠা কন কন শিশুৰ বাবে আকৰ্ষনীয় কৰি তুলিবৰ বাবে এই ধন যোগান ধৰিছিল ৷ নিৰ্দেশ দিয়া হৈছিল এই ধনেৰে "অ"ফলা, "ক" ফলা , মহৎ লোকৰ বাণী আদি শ্ৰেণী কোঠাৰ বেৰত লিপিবদ্ধ কৰিবলৈ ৷
২০২১ চনৰ ২৮ জুলাইত এই ধন বিদ্যালয়ৰ প্ৰধান শিক্ষক সকলৰ চৰকাৰী বেংক একাউন্টত সোমোৱাই দিয়া হৈছিল ৷ প্ৰধান শিক্ষক সকলে সেই ধন ব্যয় কৰি কাম সম্পাদন কৰিব ৷ চাঞ্চল্যকৰ বিষয় এই যে এই ধন গৰিষ্ঠ সংখ্যক বিদ্যালয়ৰ প্ৰধান শিক্ষকে কামত খৰচ কৰিব নোৱাৰিলে ৷ বিষয়াৰ হেচাত ২৪৭০ টকাৰ ধনৰ পৰিমান লিখি চেকত স্বাক্ষৰ কৰি জমা দিব লগা হয় ৷
নগাঁও জিলাত আছে নটাকৈ শিক্ষাখণ্ড ৷ নগাঁও সদৰ , খাগৰিজান , বটদ্ৰবা , জুৰীয়া , লাওখোৱা , ৰূপহী , কপিলী , কঠিয়াতলি আৰু কলিয়াবৰ শিক্ষা খণ্ড ৷ এই শিক্ষাখণ্ডৰ অধীনত আছে ২১৮৬ খন বিদ্যালয় ৷ প্ৰতিটো শিক্ষা খণ্ডতে আছে এজন খণ্ড শিক্ষা বিষয়া ৷ আছে গাননিক বিষয়া ৷ ইয়াৰ পিছতে আছে জিলা পৰ্যায়ত এজন শিক্ষা বিষয়া ৷ শিক্ষা বিভাগটো তদাৰক কৰিবলৈ আছে এজন অতিৰিক্ত উপায়ুক ৷
অভিযোগ মতে এজন শীৰ্ষ বিষয়াৰ নেতৃত্বত প্ৰধান শিক্ষকৰ পৰা ২৪৭০ টকাৰ চেক সংগ্ৰহৰ অভিযানত নামি পৰে একাংশ গাননিক আৰু শিক্ষা খণ্ড বিষয়া ৷ চেক সমূহ সংগ্ৰহ কৰি শীৰ্ষ বিষয়া জনে নিদ্ধাৰন কৰি দিয়া ব্যক্তি বিশেষক অৰ্পন কৰে ৷ ব্যক্তি বিশেষে চেকত নাম লিখি বেংকৰ পৰা সেই ধন আদায় কৰে ৷
অভিযোগ মতে বহু বিদ্যালয়ৰ প্ৰথম মান শ্ৰেণীত পূৰ্বৰে পৰা অ আ ক খ বা মহৎ লোকৰ বানী আদি লিখি থোৱাৰ অৱস্হাতে আছিল ৷ একাংশ প্ৰধান শিক্ষকে বিষয়াৰ নিৰ্দেশ নমনাৰ বাবে ভাবুকিও খাব লগা হৈছে ৷ প্ৰশ্ন হৈছে শিক্ষাৰ উত্তৰনৰ বাবে চৰকাৰে নগাঁও জিলালৈ আগবঢ়োৱা এই বৃহৎ অংকৰ ধনৰ অনীতিত জৰিত বিষয়া বৰ্গৰ দলটোক লেকাম ধৰিব কোনে ?
আৰু পঢ়ক: সতীৰ্থৰ ছাৰ্ভিছ বন্দুকেৰে মূৰত গুলিয়াই আত্মহত্যা CRPF জোৱানৰ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us