/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/79e8659e-7157-436e-ba36-72bf3439332d/missing.jpg)
ডিজিটেল সংবাদ,নগাঁও: এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীৰ অপহৰণ হোৱা বুলি উঠা অভিযোগৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে নগাঁৱত ৷ চীনাপট্টিৰ ছাত্ৰী গৰাকী বিদ্যালয়লৈ যোৱাৰ পথত অপহৰণ হোৱা বুলি অভিযোগ উত্থাপন হৈছে ৷
ঘটনাৰ সন্দৰ্ভত নগাঁও সদৰ থানাত ছাত্ৰী গৰাকীৰ পৰিয়ালে এজাহাৰ দাখিল কৰিছে ৷ ২৬ অক্টোবৰত বিদ্যালয়ৰ পৰা ছাত্ৰী গৰাকী ঘৰলৈ ঘূৰি নহাত পৰিয়ালৰ লোক আৰক্ষীৰ কাষ চাপে ৷
পৰিয়ালৰ লোকৰ মতে ছাত্ৰী গৰাকীৰ অপহৰণৰে স্থানীয় খুৰচিদ আলম নামৰ লোকজন জড়িত ৷ খুৰচিদ হৈছে ছাত্ৰীগৰাকীৰ বান্ধবীৰ পিতৃ ৷ বিদ্যালয়লৈ যোৱাৰ পথত বান্ধবীৰ পিতৃ খুৰচিদে এখন গাড়ীত উঠাই লৈ যোৱাৰ পিছৰে পৰা সন্ধানহীন হৈ আছে ছাত্ৰী গৰাকী ৷ জানিব পৰা মতে খুৰচিদে ছাত্ৰী গৰাকীক একাধিক বাৰ প্ৰেমৰ প্ৰস্তাৱ প্ৰদান কৰি আহিছিল ৷