মৰ্মান্তিক! হেডফোনে কাঢ়ি নিলে যুৱতীৰ প্ৰাণ…

মৰ্মান্তিক! হেডফোনে কাঢ়ি নিলে যুৱতীৰ প্ৰাণ…

author-image
asomiyapratidin
New Update
মৰ্মান্তিক! হেডফোনে কাঢ়ি নিলে যুৱতীৰ প্ৰাণ…

ডিজিটেল সংবাদ ,নগাঁও : হেডফোন লগাই প্ৰাত:ভ্ৰমণলৈ গৈ মৃত্যুক সাৱতিলে এগৰাকী যুৱতীয়ে ৷ মঙলবাৰে এই ঘটনাটো সংঘটিত হৈছে নগাঁও জিলাৰ চামগুৰিত ৷ মৃত্যুক সাৱতি লোৱা যুৱতী গৰাকীৰ নাম মেঘনা বৰা বুলি জানিব পৰা গৈছে ৷

Advertisment

মঙলবাৰে পুৱা মেঘনাই হেডফোন লগাই শিলঘাট -নগাঁও ৰেলপথৰ কাষেৰে প্ৰাত:ভ্ৰমণ কৰি আছিল ৷ প্ৰাত:ভ্ৰমণৰ মাজতে যুৱতীগৰাকী ৰেলপথৰ ওপৰত উঠিছিল ৷ সেই সময়তে বিপৰীত দিশৰ পৰা অহা ৰেল মেঘনাৰ গাৰ ওপৰেদি পাৰ হৈ যায় ৷ হেডফোন লাগি থকাৰ বাবে ৰেল অহাৰ কথা গম নাপালে মেঘনাই ৷

জানিব পৰা মতে মেঘনা বৰাৰ ঘৰ কাৰ্বি আংলং জিলাৰ হাওৰাঘাটত ৷ চামগুৰিৰ আউনিআটি সত্ৰত থকা মোমেয়েকৰ ঘৰত আহিছিল মেঘনা ৷ ৰেলৰ খুন্দাত ৰেল পথত পৰিৰোৱা মেঘনাৰ মৃতদেহটি পিছত আৰক্ষীয়ে উদ্ধাৰ কৰে ৷

assam suicide nagaon