/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/c17589f9-b9fa-40b7-97a9-a7a98af84698/rodali.jpg)
nagaon student complain
ডিজিটেল সংবাদ, নগাঁও : অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে অনুষ্ঠিত কৰা পৰীক্ষাৰ বিসংগতিৰ কথা যেন কৈ ওৰকে নপৰে ৷ পৰীক্ষাৰ ফলাফল দিয়েহে , বিসংগতিৰ দীঘল তালিকা ওলায় ৷ অভিযোগ দিলে সংসদে স্বীকাৰ কৰিব নিবিচাৰে বিসংগতিৰ কথা ৷
নগাঁৱৰ এগৰাকী মেধাবী ছাত্ৰীয়ে অসম উচ্চতৰ শিক্ষা সংসদৰ বিৰুদ্ধে আনিছে এক গুৰুত্বৰ অভিযোগ ৷ ছাত্ৰীগৰাকীৰ নাম হৈছে ৰ’দালী বৰুৱা ৷ ৰ’দালীৰ অভিযোগ পৰীক্ষা বহীত শুদ্ধ উত্তৰ লিখাৰ পিছটো দিয়া নাই নম্বৰ ৷ শিক্ষা সংসদৰ সচিব আৰু পৰীক্ষা নিয়ন্ত্ৰকে ৰ’দালীৰ অভিযোগৰ পিছত পৰীক্ষা বহী সঠিক পুনৰনিৰীক্ষণ নকৰি সকলো ঠিকেই থকা বুলি বুজনি দিলে ৷
সচিব, পৰীক্ষা নিয়ন্ত্ৰকে ৰ’দালিৰ আত্মবিশ্বাসক ভেঙুচালি কৰাৰ পিছত ছাত্ৰীগৰাকীয়ে তথ্য জনা আইনৰ অধীনত পৰীক্ষাৰ উত্তৰ বহী বিচাৰি আবেদন কৰিলে ৷ শেহতীয়াকৈ ছাত্ৰীগৰাকীয়ে উত্তৰ বহী সমূহ লাভ কৰি দেখিলে যে সঠিক উত্তৰ লিখাৰ পিছটো নম্বৰ দিয়া হোৱা নাই ৷
এখন উত্তৰ বহীতে কমকৈ নম্বৰ দিয়া হৈছে তেনে নহয় একাধিক বহীতে দিয়া হৈছে কম নম্বৰ ৷ ছাত্ৰীগৰাকীৰ অভিযোগ ইংৰাজী, অসমীয়া, ৰাজনীতি বিজ্ঞান, তৰ্কবিজ্ঞান আৰু দৰ্শন, অৰ্থ বিজ্ঞান বিষয়ৰ উত্তৰ বহীত নম্বৰ প্ৰদানত বিসংগতি হৈছে ৷ একাধিক প্ৰশ্নৰ সঠিকভাবে উত্তৰ লিখাৰ পিছটো কমকৈ নম্বৰ প্ৰদান কৰা ঘটনা আৰ টি আইৰ তথ্যত পোহৰলৈ আহে ৷
ছাত্ৰীগৰাকীয়ে উত্তৰ বহীসমূহ পোৱাৰ পিছত পুনৰ পৰীক্ষা নিয়ন্ত্ৰকৰ জৰিয়তে সচিবলৈ সুবিচাৰ বিচাৰি এক আবেদন প্ৰেৰণ কৰে ৷ আবেদনত ছাত্ৰীগৰাকীক কি কি বিষয়ত কিমান কিমানকৈ নম্বৰ কমকৈ দিয়া হৈছে সকলো উল্লেখ কৰা হৈছে ৷