নগাঁৱৰ শিক্ষণ মহাবিদ্যালয়ৰ অধ্যাপিকা গায়ত্ৰী ভৰালীৰ মৃত্যু

নগাঁৱৰ শিক্ষণ মহাবিদ্যালয়ৰ অধ্যাপিকা গায়ত্ৰী ভৰালীৰ মৃত্যু

author-image
asomiyapratidin
New Update
নগাঁৱৰ শিক্ষণ মহাবিদ্যালয়ৰ অধ্যাপিকা গায়ত্ৰী ভৰালীৰ মৃত্যু

ডিজিটেল সংবাদ,নগাঁও: নগাঁও চহৰৰ পানীগাঁও নিবাসী তথা নগাঁও চৰকাৰী শিক্ষণ মহাবিদ্যালয়ৰ অধ্যাপিকা গায়ত্ৰী ভৰালী (৪৩)ৰ শুকুৰবাৰে বিয়লি পাঁচ বজাত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হয়। গায়ত্ৰী ভৰালীৰ মৃত্যুৰ বাতৰি নগাঁৱত বিয়পি পৰাত নগাঁও চহৰত শোঁকৰ ছাঁ পৰিছে।

কলিয়াবৰ মহকুমাৰ অন্তৰ্গত চতিয়ালত জন্মগ্ৰহণ কৰা গায়ত্ৰী ভৰালীয়ে হাটবৰ ছোৱালী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত অধ্যয়ন কৰাৰ পাছত কটন কলেজ, গুৱাহাটী বিশ্ববিদ্যালয় আৰু পুনে বিশ্ববিদ্যালয়ৰ পৰা শিক্ষা গ্ৰহণ কৰে। ইয়াৰ পাছত তেওঁ নগাঁও চৰকাৰী শিক্ষণ মহাবিদ্যালয়ত অধ্যাপিকা হিচাপে যোগদান কৰিছিল৷

তিনিদিন পূৰ্বে গুৱাহাটীৰ নেম' কেয়াৰ হাস্পতালত অসুস্থ ভৰালীক চিকিৎসাৰ বাবে ভৰ্তি কৰা হৈছিল যদিও শুকুৰবাৰে বিয়লি গায়ত্ৰী ভৰালীয়ে চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় ৷ মৃত্যুৰ সময়ত তেওঁ স্বামী, কন্যা-পুত্ৰ সহ আত্মীয় স্বজনক ইহ-সংসাৰত এৰি থৈ গৈছে ৷

আৰু পঢ়ক: উন্নয়নৰ নমুনা! জোনাইত বোকাময় পথত ভূঁই ৰুই প্ৰতিবাদ

nagaon assam died