দেওবাৰে পুৱা নগাঁও চহৰত সাংসদ গৌৰৱ গগৈৰ দৌৰ...

দেওবাৰে পুৱাতে নগাঁও চহৰত সাংসদ গৌৰৱ গগৈৰ দৌৰ, কলিয়াবৰৰ সাংসদ গগৈয়ে প্ৰায় দুই শতাধিক যুৱক-যুৱতীক লগত লৈ ৰাজপথত দৌৰে

author-image
Asomiya Pratidin
New Update
দেওবাৰে পুৱা নগাঁও চহৰত সাংসদ গৌৰৱ গগৈৰ দৌৰ...

ডিজিটেল সংবাদ, নগাঁও : দেওবাৰে পুৱাতে নগাঁও চহৰত সাংসদ গৌৰৱ গগৈৰ দৌৰ ৷ কলিয়াবৰৰ সাংসদ গগৈয়ে প্ৰায় দুই শতাধিক যুৱক-যুৱতীক লগত লৈ ৰাজপথত দৌৰে ৷ নগাঁও চহৰত ড্ৰাগছ বিৰোধী অভিযানৰ অংশ হিচাপে সাংসদজনে সমূহীয়া দৌৰৰ কাৰ্যসূচীত অংশ লয় ৷

Advertisment

গৌৰৱ গগৈ ফেন্স ক্লাবৰ উদ্যোগত আৰু নগাঁও জিলা এন এছ ইউ আইৰ সহযোগত GET FIT ASSAM শীৰ্ষক সমূহীয়া দৌৰ কাৰ্যসূচীত বটদ্ৰবাৰ বিধায়িকা শিবামণি বৰা , নগাঁও জিলা কংগ্ৰেছৰ সভাপতি সুৰেশ বৰা আদিয়েও অংশ গ্ৰহণ কৰে ৷

অনুষ্ঠানত অংশ গ্ৰহণ কৰি সাংসদ গৌৰৱ গগৈয়ে কয় যে চৰকাৰে ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে ৷ এই অভিযানক সমৰ্থন কৰো ৷ কিন্তু ড্ৰাগছৰ ডাঙৰ ব্যৱসায়ী আৰু ড্ৰাগছৰ চিণ্ডিকেট চলোৱা সকলক চৰকাৰে ধৰিব পৰা নাই ৷ সৰু সৰু ব্যৱসায়ী সকলক ধৰিছে যদিও সেই সকলৰ স্থান বেলেগে পূৰণ কৰিব ৷

চিণ্ডিকেট চলোৱা সকলৰ বিৰুদ্ধে চৰকাৰে কঠোৰ ব্যৱস্থা ল'ব লাগিব ৷ লগতে সাংসদ জনে কয় যে ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰিবলৈ এই কাৰ্যসূচী লোৱা হৈছে ৷ সজাগতা সৃষ্টি হ’লে যুৱ সমাজে ড্ৰাগছৰ বিৰুদ্ধে ঠিয় দিলে স্বাভাবিকতে ড্ৰাগছৰ ব্যৱসায় নাইকীয়া হৈ পৰিব ৷

nagaon assam gaurav gogoi