/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/c64d3149-4d6e-42e7-9e0c-f05cc253d50c/nagaonnn.jpg)
ডিজিটেল সংবাদ, নগাঁও : নগাঁৱত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে এগৰাকী অসহায় মহিলাৰ কাষত থিয় দি মানৱতাৰ নিদৰ্শন দাঙি ধৰে।
জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতি প্ৰাগজ্যোতিষ বনিয়া আৰু সাধাৰণ সম্পাদক দেৱাৰ্শীষ দাসে এক বিবৃতি যোগে জনায় যে ঢেকীয়াজুলিৰ কৰুণা মুন্দাৰ যোৱা ১১ আগষ্টত নগাঁৱৰ এটি ইটা ভাটাত কৰ্মৰত অৱস্থাত অগ্নিদগ্ধ হৈ নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত প্ৰাণ হেৰুৱাইছিল।
অসহায় অভিভাৱকবিহীন মহিলা গৰাকীৰ মৃতদেহ সংগঠনটোৱে নগাঁও অসামৰিক চিকিৎসালয়ৰ পৰা চমজি লৈ শেষকৃত্য কাৰ্য সমাপন কৰে যুৱ-ছাত্ৰ পৰিষদ নগাঁও জিলা সমিতিয়ে মধুপৰ শ্মশানত।
লগতে নেতাদ্বয়ে কয় যিহেতু মহিলা গৰাকী ইটা ভাটাত কৰ্মৰত অৱস্থাত অগ্নিদগ্ধ হৈ প্ৰান হেৰুৱাইছে ইটা ভাটাৰ স্বত্বাধিকাৰীৰ দায়িত্ব আছিল মহিলা গৰাকীৰ চিকিৎসা কৰাৰ ৷ কিন্তু তেওঁ কোনোধৰণৰ পদক্ষেপ গ্ৰহণ নকৰিলে ৷
সেয়েহে এই গোটেই বিষয়টো তদন্ত কৰি নিৰ্যাতিত মহিলা গৰাকীক ন্যায় প্ৰদান কৰিবলৈ আৰক্ষী প্ৰসাশনক দাবী জনাইছে লগতে তদন্তৰ আওতালৈ ইটা ভাটাৰ স্বত্বাধিকাৰী গৰাকীক আনিবলৈ দাবী জনায়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us