ভেজাল ঔষধ বিক্ৰী কৰি নগাঁৱত আটক ৩জন…

ভেজাল ঔষধ বিক্ৰী কৰি নগাঁৱত আটক ৩জন…

author-image
asomiyapratidin
New Update
ভেজাল ঔষধ বিক্ৰী কৰি নগাঁৱত আটক ৩জন…

ডিজিটেল সংবাদ, নগাঁও : নগাঁৱত এতিয়া ঔষধৰ ৰমৰমীয়া বেহা ৷ নীতি বহিভূত ভাবে একাংশ ঔষধৰ অসাধু ব্যৱসায়ীয়ে চলাই গৈছে ক'লা ব্যৱসায় ৷ বিশেষকৈ চৰকাৰী ঔষধ পৰিদৰ্শকৰ কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীৰ অকমন্যতাৰ সুবিধা লৈছে মুনাফালুভি ক'লা ঔষধ ব্যৱসায়ীয়ে ৷

Advertisment

সোমবাৰে নিশা নগাঁও চহৰৰ মহখুলি আৰু হেৰাপট্টি ডক্তৰপাৰাত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিছে নীতিবহিভূত ভাবে মজুত কৰি বিক্ৰি কৰি অহা ঔষধ ৷ কোটি কোটি টকাৰ ক'লা ঔষধৰ ব্যৱসায় চলাই থকা চক্ৰটোৰ তিনিজনকৈ লোকক আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে ৷

আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি প্ৰথমে নকল ঔষধ বিক্ৰি কৰি থকাৰ অভিযোগত মহখুলিত অভিযান চলায় ৷ নিৰ্মিয়মান মহখুলি চিকিৎসা মহাবিদ্যালয়ৰ সন্মূখত থকা এখন ফাৰ্মাচিত অভিযান চলাই আৰক্ষীয়ে এজন লোকক আটক কৰে ৷ আটক কৰা লোকজনৰ স্বীকাৰোক্তিৰ ভিত্তিত অভিযানকাৰী দলে হেৰাপট্টৰ ডাক্তৰপাৰত অভিযান চলায় ৷ এই অভিযানত আৰক্ষীয়ে কোটি টকাৰ ঔষধ অবৈধ ভাবে মজুত কৰি ৰখা এটা ভড়ালৰ তথ্য উদ্ধাৰ কৰে ৷ য'ত মজুত আছিল শিশুৰ ঔষধৰ পৰা বিভিন্ন ৰোগৰ ঔষধ ৷

আৰক্ষীয়ে ডাক্তৰপাৰাৰ পৰা কৰায়ত্ব কৰে সমীৰ হুছেইন আৰু ফকৰুল ইছলাম ৷ ইফালে মহখুলিৰ পৰা আটক কৰাজনৰ নাম হৈছে আনজাৰ হুছেইন ৷ আৰক্ষীয়ে জব্দ কৰা ঔষধ সমূহ নকল বুলি সন্দেহ কৰিছে যদিও পৰীক্ষাৰ বাবে প্ৰেৰণৰ ব্যৱস্হা কৰিছে ৷

assam Assam police himanta biswa sarma nagaon