বন্যাৰ্তলৈ সাহাৰ্য! নগাঁৱত ৩১৬৪ জন হিতাধিকাৰীৰ একাউন্টত সোমোৱা নাই ধন…

বন্যাৰ্তলৈ সাহাৰ্য! নগাঁৱত ৩১৬৪ জন হিতাধিকাৰীৰ একাউন্টত সোমোৱা নাই ধন…

author-image
asomiyapratidin
New Update
বন্যাৰ্তলৈ সাহাৰ্য!  নগাঁৱত ৩১৬৪ জন হিতাধিকাৰীৰ একাউন্টত সোমোৱা নাই ধন…

ডিজিটেল সংবাদ,নগাঁও : নগাঁও জিলাত চৰকাৰী ভাৱে তালিকাভুক্ত একাংশ বানাক্ৰান্তই লাভ কৰিবলৈ সক্ষম হোৱা নাই চৰকাৰী আৰ্থিক অনুদান ৷ চৰকাৰী ভাৱে ১৫ হাজাৰ ২ শ লোকৰ ঘৰ বানত আক্ৰান্ত হোৱাৰ বাবে চৰকাৰে আৰ্থিক সাহাৰ্য আগবঢ়াইছিল ৷ " ই-কুবেৰ"ৰ দ্বাৰা আগবঢ়োৱা সাহাৰ্যৰ ধন একাংশ হিতাধিকাৰীৰ একাউন্টত বৰ্তমানেও সোমোৱা নাই ৷

Advertisment

জানিব পৰা মতে জিলা খনৰ ৩ হাজাৰ ১ শ ৬৪ জন হিতাধিকাৰীয়েও বৰ্তমানেও চৰকাৰী সাহাৰ্য নোপোৱাকৈ আছে ৷ সম্পূৰ্ণ ভাৱে গৃহহীন হোৱা লোকক ৯৫ হাজাৰ ১ শ টকাকৈ চৰকাৰে বেংক একাউন্ট যোগে প্ৰদান কৰিছে ৷ ইয়াৰ বাহিৰেও আংশিক ভাবে ক্ষতি হোৱা কেচা ঘৰ , পকা ঘৰ , খেৰি ঘৰ , পশুধনৰ ঘৰৰ বাবে পৃথক পৃথক ভাৱে আৰ্থিক সাহাৰ্য প্ৰদান কৰিছে ৷ কিন্তু তালিকাভুক্ত ৩১৬৪ টি পৰিয়ালে এই ধন বৰ্তমানেও পোৱা নাই ৷

বেংকৰ একাউন্টৰ খেলিমেলিৰ বাবে ৩১৬৪ টা পৰিয়াল বঞ্চিত হৈ ৰৈছে সাহাৰ্য লাভৰ পৰা ৷ বিশেষকৈ চৰকাৰৰ ঘৰলৈ নগাঁৱৰ পৰা ভুলকৈ একাউন্ট নম্বৰ প্ৰেৰন কৰাৰ বাবে এই খেলি মেলিৰ সৃষ্ট হৈছে ৷ ইয়াৰ বাহিৰেও আন একাংশ একাউন্টৰ হিতাধিকাৰীয়ে বহু দিন ধনৰ লেন দেন নকৰাত কে ৱাই চিৰ সমস্যাই দেখা দিছে ৷ কিছু লোকে শূন্য টকাৰে একাউন্ট খোলাৰ পিছত লেন দেন নকৰাকৈ থকাৰ বাবে সমস্যা হৈছে ৷

জিলাখনৰ ১৫২০০ লোকে ঘৰৰ বাবে আৰ্থিক সাহাৰ্য লাভ কৰিছে যদিও চৰকাৰী চাৰ্ভেত গাফিলতি থকাৰ বাবে প্ৰকৃত বহু হিতাধিকাৰী সাহাৰ্য লাভৰ পৰা বঞ্চিত হৈছে ৷ ৰহা আৰু কামপুৰ ৰাজহ চক্ৰত বহু হিতাধিকাৰী সাহাৰ্য লাভৰ পৰা বঞ্চিত হৈছে ৷

অভিযোগ মতে কঠিয়াতলি উন্নয়ন খণ্ডৰ অধীনৰ চানখোলা গাওঁ পঞ্চায়তৰ ৮ নং ৱাৰ্ডৰ বানত ঘৰ বিধস্ত হোৱা লোকে চৰকাৰী আৰ্থিক সাহাৰ্য লাভৰ পৰা বঞ্চিত হৈছে ৷ আনকি আচবাব , কাপোৰ আদি ক্ৰয়ৰ বাবে চৰকাৰে আগবঢ়োৱা ধন লাভ কৰা নাই ৱাৰ্ডটোৰ লোকে ৷

ৰহা উন্নয়ন খণ্ডৰ বগলাজান পঞ্চায়তৰ ৭ নং ৱাৰ্ডৰ বাসিন্দা বানে ঘৰ বিধস্ত কৰাৰ পিছটো সাহাৰ্য নোপোৱাৰ লগতে ৩৮০০ টকাকৈ দিয়া তালিকাটো নাম অন্তৰ্ভূক্ত হোৱা নাই ৷ বানে ঘৰ বিধস্ত কৰাৰ পিছত বহু লোকে পথৰ কাষত টিনৰ চালি দি বসবাস কৰি থাকিব লগা হৈছে ৷ জানিব পৰা মতে ৱাৰ্ডটোৰ ৱাৰ্ডসদস্য জনৰে ঘৰ বিধস্ত হোৱাৰ বাবে পথৰ কাষত চালি দি পৰিয়াল ৰাখিব লগা হৈছে ৷

সাহাৰ্য লাভৰ পৰা বঞ্চিত লোকৰ মতে গাঁও প্ৰধান আৰু মণ্ডলে একাধিকবাৰ তেওঁলোকৰ ওচৰলৈ আহি চৰজমিন তদন্ত কৰি নামসমূহ লিপিবদ্ধ কৰিছিল যদিও তেওঁলোকে চৰকাৰী আৰ্থিক অনুদানৰ তালিকাত নাম অন্তৰ্ভূক্ত নহ'ল ৷ সেয়ে চৰকাৰক বঞ্চিত লোকসকলক সাহাৰ্য প্ৰদান কৰিবলৈ আহ্বান জনাইছে স্হানীয় লোকে ৷

আৰু পঢ়ক: বাধা আঁতৰিল! সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ ওপৰত থকা নিলম্বন প্ৰত্যাহাৰ কৰিলে ফিফাই

assam flood nagaon