কলঙৰ ৰুদ্ৰ ৰূপ : নগাঁও চহৰৰ বানৰ কবলত…

কলঙৰ ৰুদ্ৰ ৰূপ : নগাঁও চহৰৰ বানৰ কবলত…

author-image
asomiyapratidin
New Update
কলঙৰ ৰুদ্ৰ ৰূপ : নগাঁও চহৰৰ বানৰ কবলত…

ডিজিটেল সংবাদ,নগাঁও: কলঙে ধৰিছে উগ্ৰৰূপ ৷ বোৱতি কলঙক স্তব্দ কৰি দিয়াৰ পিছত সূঁতি খনিৰ প্ৰবাহ স্তব্দ হৈ পৰিছিল ৷ কিন্তু কলঙে এতিয়া তাণ্ডব ৰূপ লৈছে ৷ সোমবাৰে দুপৰ ভাগৰ পৰা নগাঁও চহৰলৈ ভাবুকি কঢ়িয়াই আনিছে ৷ নগাঁও পৌৰসভাৰ দহটাকৈ মহলাত ত্ৰাসৰ সৃষ্টি কৰিছে কলঙৰ বাঢ়নী পানীয়ে ৷ চহৰখনৰ ৩,৫,৬,৭,৮,১০,১৯ নম্বৰ ৱাৰ্ড এতিয়া কলঙৰ বানৰ কবলত ৷

Advertisment

নগাঁও চহৰত কলঙ সূঁতিৰ জলপৃষ্ঠ বিয়লি বিপদসীমাৰ ১.৮১ মিটাৰ ওপৰেদি বৈ আছে ৷ পুৱা ভাগত ১.৭০ মিটাৰ ওপৰেদি বৈ আছিল ৷ বিয়লিলৈ কলঙৰ বুকু ১১ চেন্টিমিটাৰ বেছিকৈ ওফন্দি পৰে ৷ চহৰখনৰ দহটাকৈ মহলা বানৰ কবলত পৰাৰ লগতে তেলিয়াগাঁও, শেনচোৱা আদিও প্লাৱিত কৰিছে ৷

চহৰখনৰ মিলনপুৰ,বৈদ্যটূপত দুটাকৈ পথ বিধস্ত কৰিছে ৷ যাৰ বাবে নগাঁও জিলা প্ৰশাসনে ১৪৪ ধাৰা জাৰি কৰিবলৈ বাধ্য হৈছে ৷ ইফালে ননৈ দক্ষিণপাত পথটো ১৪৪ ধাৰা জাৰি কৰা হৈছে ৷ হয়বৰগাঁৱত লোকনিৰ্মান বিভাগ, পৌৰসভাৰ কেবাটাও পথ বানত ডুবিছে ৷

আৰু পঢ়ক: তিনি সন্তানৰ মাতৃক পিষ্টল দেখুৱাই বলাৎকাৰ, আৰক্ষীৰ সন্মুখতেই অভিযুক্তক গণপ্ৰহাৰ…

assam flood nagaon