নগাঁৱৰ ইমৰানৰ ত্ৰাস!

আকৌ নগাঁও চহৰত মূৰ দাঙি উঠিছে ইৰানে ৷ দুবাৰকৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ইমৰান কাৰাগাৰৰ পৰা ওলাই আহি পুনৰ আৰম্ভ কৰিছে ত্ৰাসৰ

author-image
Asomiya Pratidin
New Update
নগাঁৱৰ ইমৰানৰ ত্ৰাস!

ডিজিটেল সংবাদ,নগাঁও : আকৌ নগাঁও চহৰত মূৰ দাঙি উঠিছে ইমৰানে ৷ দুবাৰকৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ইৰান কাৰাগাৰৰ পৰা ওলাই আহি পুনৰ আৰম্ভ কৰিছে ত্ৰাসৰ ৷ আৰক্ষীৰ ওচৰত পুনৰ দাখিল হৈছে ইমৰানৰ বিৰুদ্ধে এজাহাৰ ৷

পোচাকী নাম ইৰান এজন সূদ ব্যৱসায়ী ৷ অবৈধ ভাবে সূদৰ ব্যৱসায় কৰা ইমৰানক লেকাম ধৰিবলৈ যেন নগাঁৱত কোনো নাই ৷ সৰ্বসাধাৰনৰ দুৰ্বলতাৰ সুবিধা গ্ৰহণ কৰি ইৰানে বহু পৰিয়ালক সৰ্বস্বান্ত কৰাৰ অভিযোগ সততে শুনিবলৈ পোৱা যায় ৷

শেহতীয়াকৈ ইমৰানৰ অত্যাচাৰৰ পৰা পৰিত্ৰান বিচাৰি নগাঁও সদৰ থানাত মঙলবাৰে এক গোচৰ তৰিছে এগৰাকী মহিলাই ৷ ধন বিচাৰি গৈ ইৰানে মহিলাগৰাকীক শাৰীৰিক ভাবে অপদস্থ কৰাৰ লগতে অশ্লীল ইংগিত দিয়াৰ অভিযোগ উঠিছে ৷ আৰক্ষীয় ওচৰ চপা মহিলাগৰাকীৰ নাম হৈছে জয়তুন হুছেইন ৷

জানিব পৰা মতে ফৌজদাৰী পট্টিৰ মইনুল হুছেইনে মাতৃৰ অসুস্হতাৰ বাবে ইমৰানৰ পৰা ধন লৈছিল ৷ বিনিময়ত ইৰানে উকা কাগজত স্বাক্ষৰ কৰোৱাই লৈছিল ৷ বন্দোবস্তি মতে সময়ত ধন আদায় দিব নোৱাৰাত ইৰানে মঙ্গলবাৰে বিয়লি পূৰ্বৰ দৰে ইৰান মইনুলৰ ঘৰত উপস্থিত হয় ৷ উপস্থিত হৈ মইনুলক শাৰীৰিক ভাবে আক্ৰমন কৰাৰ লগতে পত্নী জয়তুন হুছেইনকো লক্ষ্য কৰি লয় ৷

সূদ বেপাৰী ইমৰানৰ বিৰুদ্ধে ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে এক গোচৰ ৰুজু কৰিছে ৷ গোচৰটো ৰুজু কৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে ৷

nagaon assam Assam police