নগাঁৱত ৰাষ্ট্ৰীয় মীন পালন দিৱস উদযাপন,চাৰি গৰাকী মীন পালকক সম্বৰ্ধনা

নগাঁৱত ৰাষ্ট্ৰীয় মীন পালন দিৱস উদযাপন,চাৰি গৰাকী মীন পালকক সম্বৰ্ধনা

author-image
asomiyapratidin
New Update
নগাঁৱত ৰাষ্ট্ৰীয় মীন পালন দিৱস উদযাপন,চাৰি গৰাকী মীন পালকক সম্বৰ্ধনা

ডিজিটেল সংবাদ ,বেবেজীয়া :'মাছত‌ স্বাস্থ্য-মাছত ধন কৰিম অসম নদন-বদন' শীৰ্ষক শ্লগানেৰে ৰবিবাৰে নগাঁৱত ৰাষ্ট্ৰীয় মীন পালন দিৱস বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয়।‌ এই উপলক্ষে জিলা মীন বিভাগৰ কাৰ্যালয় প্ৰাঙ্গনত অনুষ্ঠিত ৰাষ্ট্ৰীয় মীন পালন দিৱসৰ সভাখনিত সভাপতিত্ব কৰে‌ জিলা মীন উন্নয়ন বিষয়া সুশীল কুমাৰ নাথে।

হোজাই জিলাৰ মীন মহকুমা বিষয়া ভৱানী প্ৰশাস নাথে আতধৰা আৰু উদ্দেশ্য বাখ্যা কৰা সভা খনিত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি ৰহা মীন মহাবিদ্যালয় মীন বিশেষজ্ঞ ড° ধীৰেন নাথে কয় যে জল‌ সম্পদেৰে সমৃদ্ধ অসমৰ জল সংবৰ্ধন বিকাশৰ ক্ষেত্ৰত প্ৰচুৰ সম্ভাৱনা আছে। মীন উৎপাদনৰ ক্ষেত্ৰত ৰাজ্য খনৰ ভিতৰতে নগাঁও জিলাই অগ্ৰণী ভূমিকা গ্ৰহণ কৰাৰ লগতে উৎপাদনৰ ক্ষেত্ৰত শ্ৰেষ্ঠতাৰ ধাৰা অব্যাহত ৰাখিবলৈ মীন পালন সকলৰ প্ৰতি ড° নাথে আহ্বান জনায়।গাম্ভীৰ্যপূৰ্ণ সভাখনিত নগাঁও জিলাৰ খাগৰিজানৰ মীন পালক দিগন্ত বৰদলৈ, জোঙাল‌ বলহু গড়ৰ মনমোহন দে, ৰূপহীৰ ভাস্কৰ বৰা আৰু হোজাই জিলাৰ মীন পালক ৰন দাসক সম্বৰ্ধনা পত্ৰ, শৰাই,‌ ফুলাম গামোচাৰে বিশেষ ভাৱে সম্বৰ্ধনা জনোৱা হয়।

উল্লেখ্য যে আজি মীন পালন দিৱসৰ সম্ভাৰ্ধনা সভাত মীন উন্নয়ন বিষয়া অৰূপ কুমাৰ দাস, ৰিতুপৰ্ণ পেগু, মীন প্ৰদৰ্শক লৱ কুমাৰ ডেকা, সুৰজ গোস্বামী, এপাৰ্টৰ বিষয়া বিদ্যুৎ মেধী, প্ৰকাশ কলিতালে ধৰি অবিভক্ত জিলাখনৰ দুই শতাধিক মীন পালন উপস্থিত থাকে।

আৰু পঢ়ক:তীব্ৰ বেগী ট্ৰাকে মহটিয়াই নিলে বাইক সহ ৩জনক, থিতাতে মৃত্যু, এতিয়াও ট্ৰাকৰ তলত মৃতদেহ

nagaon assam