নগাঁৱত অৱসৰী কৃষি বিষয়াক বিদায় সম্ভাষণ…

নগাঁৱত অৱসৰী কৃষি বিষয়াক বিদায় সম্ভাষণ…

author-image
asomiyapratidin
New Update
নগাঁৱত অৱসৰী কৃষি বিষয়াক বিদায় সম্ভাষণ…

ডিজিটেল সংবাদ, বেবেজীয়া : নগাঁও জিলা কৃষি বিভাগৰ দুই অৱসৰী বিষয়া টংকেশ্বৰ বৰা আৰু বিষ্ণুজিত পাল চৌধুৰীক নগাওঁ জিলা কৃষি বিভাগৰ ফলমূল সংৰক্ষণ কেন্দ্ৰ আৰু প্ৰশিক্ষণ প্ৰতিস্থানত হোৱা এক সভাত বিদায় সম্ভাষণ জনোৱা হয়। সদৌ অসম কনিষ্ঠ কৃষি বিষয়া সন্থাৰ নগাঁও জিলা শাখাৰ সভাপতি অশোক কুমাৰ বৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাত অংশগ্ৰহণ কৰি জিলা কৃষি বিষয়া তৰুণ হাজৰিকাই দুয়োজন অবসৰী কৃষি বিষয়াই নিষ্ঠাৰে কৃষি খণ্ডৰ উত্তৰণৰ হকে কাম কৰাৰ কথা উল্লেখ কৰে।

Advertisment

দুয়োজন বিষয়াৰ কৰ্মদক্ষতাক প্ৰশংসা কৰি তেওঁলোকৰ সু-স্বাস্থ্য আৰু অৱসৰকালীন জীৱন সুখী হোৱাৰ কামনা কৰে। সভাত মহকুমা কৃষি বিষয়া ভবানী নাথ, প্ৰেমেশ্বৰ নাথ, সদৌ অসম কনিষ্ঠ কৃষি বিষয়া সন্থাৰ ৰাজ্যিক সভাপতি বুদ্ধ কুমাৰ নাথ, জিলা শাখাৰ সম্পাদক কল্যাণ বৰুৱা সাংবাদিক কনক হাজৰিকা প্ৰমুখ্যে কৃষি বিষয়া আৰু কৰ্মচাৰী সকল উপস্থিত থাকে।

সন্থাৰ তৰফৰ পৰা দুয়োগৰাকী অৱসৰী কৃষি পৰিদৰ্শকক ফুলাম গামোচা, শৰাই, প্ৰশস্তি পত্ৰ আদিৰে সম্বৰ্ধনা জনোৱা হয়। দুয়োগৰাকী কৃষি বিষয়াই বৃহস্পতিবাৰে ৩১আগষ্টত অৱসৰ গ্ৰহণ কৰিছিল। ইপিনে জিলা কৃষি বিষয়া তৰুণ হাজৰিকাই অবসৰ গ্ৰহণ কৰা বিষয়া দুজনক কালিয়েই পেঞ্চন আদিৰ যাবতীয় কাগজ পত্ৰ প্ৰদান কৰে।উল্লেখ যে নগাঁও জিলা কৃষি বিভাগে অৱসৰ হোৱাৰ লগে লগে পেঞ্চন আদিৰ নথি পত্ৰ প্ৰদান কৰা এয়ে প্ৰথম।

assam nagaon