এয়াই নেকি আধুনিকতা! নগাঁৱৰ এটি পৰিয়ালক সমাজচ্যুত, ১০০০ টকা জৰিমণা যদিহে...

নগাঁও চহৰৰ সমীপৱৰ্তী চকৰি গাঁৱৰ এটি পৰিয়ালক সমাজ চ্যুত কৰাৰ ঘটনাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে

author-image
Asomiya Pratidin
New Update
এয়াই নেকি আধুনিকতা! নগাঁৱৰ এটি পৰিয়ালক সমাজচ্যুত, ১০০০ টকা জৰিমণা যদিহে...

ডিজিটেল সংবাদ,নগাঁও : নগাঁও চহৰৰ সমীপৱৰ্তী চকৰি গাঁৱৰ এটি পৰিয়ালক সমাজ চ্যুত কৰাৰ ঘটনাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।নগাঁও চহৰৰ গাতে লাগি থকা চকৰিগাঁৱৰ বীৰেন বৰা নামৰ লোকজনৰ পৰিয়ালটোক সমাজৰ পৰা বহিষ্কাৰ কৰাৰ এক ঘটনা পোহৰলৈ আহিছে।

Advertisment

জানিব পৰা মতে ভুক্তভোগী বীৰেন বৰাৰ কিছু দিন পূৰ্বে নিজ জ্যেষ্ঠ ভাতৃৰ সৈতে এক কাজিয়াৰ ঘটনা সংঘটিত হৈছিল ৷ এই কাজিয়াক কেন্দ্ৰ কৰিয়েই পৰিয়ালটোক সমাজচুত্য কৰাৰ পাৰোৱানা জাৰি কৰাৰ দৰে ঘটনাটো সুত্ৰপাত ঘটে।

কাজিয়াৰ পিছত বীৰেন বৰাৰ জ্যেষ্ঠ ভাতৃয়ে নগাঁও আৰক্ষীৰ ওচৰত গোচৰ তৰে ৷ একেদৰে বীৰেন বৰাই ভাতৃৰ বিৰুদ্ধেও আন এটা গোচৰ তৰে।

ইফালে বীৰেন বৰাই কাজিয়াৰ ঘটনাটোত অনুতপ্ত হৈ গাঁৱৰ বায়ন তথা মূল শাৰীৰ ব্যক্তি হোৱাৰ পৰিপ্ৰেক্ষিতত নিজেই নামঘৰলৈ গৈ সেৱা ধৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰি মাহ প্ৰসাদ লৈ সমাজৰ ওচৰত উপস্থিত হয়গৈ। সেই সময়ত নামঘৰত উপস্থিত ৰাইজে তেওঁৰ সেৱা গ্ৰহন কৰাৰ ক্ষেত্ৰত অনিচ্ছা প্ৰকাশ কৰাৰ লগতে আৰক্ষী থানাৰ গোচৰ নিষ্পত্তি নোহোৱা পৰ্যন্ত সেইয়া সম্ভৱ নহ'ব বুলি অৱগত কৰে।

উপায়ন্তৰ হৈ বীৰেন বৰাই নামঘৰলৈ অনা মাহ প্ৰসাদ খিনি নগাঁও চহৰৰ এটি মন্দিৰতে আগবঢ়ায়। মন্দিৰত মাহ প্ৰসাদ আগবঢ়োৱাৰ পিছত নামঘৰ কমিটিৰ বিষয়ববীয়া গিৰিন্দ্ৰ কুমাৰ ভুঞা আৰু থুলেশ্বৰ বৰাই স্বাক্ষৰ কৰি এখন পত্ৰ যোগে সমাজচ্যুত কৰাৰ এক পাৰোৱানা জাৰি কৰে ৷

পাৰোৱানা পত্ৰ খন উল্লেখ কৰা অনুসৰি- ৩ অক্টোবৰত চকৰিগাঁৱৰ বুঢ়া নামঘৰত মাজৰ খেলৰ ৰাইজৰ এক সিদ্ধান্ত মৰ্মে বীৰেন বৰাক দোষী সাব্যস্তৰে গুৰুত্বৰ অপৰাধৰ অপৰাধী হিচাপে গণ্য কৰি তেওঁক তাৎক্ষণিকভাৱে বলবৎ হোৱাকৈ বায়ন পদবীৰ পৰা অব্যাহতি দিয়াৰ লগতে এবছৰৰ বাবে সমাজৰ পৰা নিলম্বিত কৰে।

একেখন পত্ৰতে আৰু উল্লেখ কৰা মতে- এই সিদ্ধান্ত খেলৰ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত হিচাপে উপলদ্ধি কৰি খেলৰ সকলো গৃহস্থিকে তেওঁক প্ৰশ্ৰয় নিদিবৰ বাবে আহ্বান জনায়। যদিহে কোনো লোকে (গৃহস্থিয়ে)এই আহ্বান অমান্য কৰি তেওঁক প্ৰশ্ৰয় দিয়ে, তেতিয়া হ'লে তেনেলোকে আজিৰ সিদ্ধান্ত অনুসৰি ১০০০ টকা জৰিমনা আদায় দিব লাগিব।

তাৎপৰ্যপূৰ্ণ কথা যে- উক্ত পত্ৰ খন নামঘৰ কমিটিয়ে চুবুৰীয়া বহুকেইটা নামঘৰ কমিটিলৈ প্ৰেৰণ কৰে। সম্প্ৰতি এই স্পৰ্শকাতৰ বিষয়টো সম্পৰ্কে বীৰেন বৰাৰ পৰিয়ালটো অৱগত হোৱাত চাৰিজনীয়া পৰিয়ালটোৰ চূড়ান্ত হতাশ হৈ পৰে। বীৰেন বৰাৰ দুই মেধাৱী পুত্ৰ -কন্যাই নগাঁও মহাবিদ্যালয়ৰ স্নাতক পঞ্চম ষান্মাসিকৰ শিক্ষাৰ্থী হোৱাৰ হেতুকে সকলোবোৰ কথা অনুধাৱন কৰি অপবাদৰ বাবে পিতৃ-মাতৃক সমাজচ্যুত কৰাৰ ঘটনাত লাজ- অপমানত দগ্ধ হৈ পৰিছে।বৰাৰ পত্নী চৰকাৰী কৰ্মচাৰীও ৷

assam nagaon