নগাঁৱত নকল সোণ, হেৰ’ইনসহ গ্ৰেপ্তাৰ দুজন…

নগাঁৱত নকল সোণ, হেৰ’ইনসহ গ্ৰেপ্তাৰ দুজন…

author-image
asomiyapratidin
New Update
নগাঁৱত নকল সোণ, হেৰ’ইনসহ গ্ৰেপ্তাৰ দুজন…

ডিজিটেল সংবাদ, নগাঁও : নগাঁৱত নকল সোণৰ উজান৷ নকল সোণৰে প্ৰবঞ্চনাৰ জাল পেলাবলৈ চেষ্টা কৰা মহিলাসহ এজন পুৰুষ জালত পৰিছে নগাঁও আৰক্ষীৰ৷ নগাঁও সদৰ থানাৰ পৰিদৰ্শক মনোজ ৰাজবংশীৰ নেতৃত্ব যোৱা আৰক্ষীৰ এটা দলে বুধবাৰে নিশা এক বজাত অভিযান চলাই ৯খন নকল সোনৰ নাঁও,  ১টা যীশুৰ নকল সোণৰ মূৰ্তি আৰু ২টা সোণৰ বিস্কুত উদ্ধাৰ কৰে৷

চহৰখনৰ হয়বৰগাঁও কাতিমাৰীত বুধবাৰে নিশা ৰহিমা খাতুনৰ ঘৰত অভিযান চলাই আৰক্ষীয়ে৷ অভিযানত ৰহিমা খাতুনৰ জিম্মাৰ পৰা ২৯ টা সন্দেহজনক হেৰ'ইন ভৰ্তি কন্টেনাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে৷ ৰহিমা খাতুনৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই আব্দুল জব্বৰৰ বাসগৃহত৷

জব্বৰৰ বাসগৃহত আৰক্ষীয়ে অভিযান চলাই বুজন পৰিমানৰ নকল সোণ উদ্ধাৰ কৰে। বাগৃহটিৰ এটা ৰেফ্ৰিজেৰটৰৰ ভিতৰত নকল সোণখিনি লুকুৱাই থৈছিল৷ জব্বৰৰ স্বীকাৰোক্তিৰ মতে নকল সোণখিনি বৃহস্পতিবাৰে মৰিগাঁও জিলাৰ মৈৰাবাৰীলৈ লৈ যোৱাৰ কথা আছিল৷

আৰু পঢ়ক : ৭ আগষ্টত উন্মোচন হ'ব "অসীমৰ যাত্ৰাত কাঞ্চৱ বৰুৱা" আৰু "SAURAV KUMAR CHALIHA"…

nagaon assam himanta biswa sarma Assam police