নগাঁৱত পুনৰ এনকাউন্টাৰ, পলাবলৈ চেষ্টা কৰোঁতেই ড্ৰাগছ মাফিয়ালৈ আৰক্ষীৰ গুলী…

নগাঁৱত পুনৰ এনকাউন্টাৰ, পলাবলৈ চেষ্টা কৰোঁতেই ড্ৰাগছ মাফিয়ালৈ আৰক্ষীৰ গুলী…

author-image
asomiyapratidin
New Update
নগাঁৱত পুনৰ এনকাউন্টাৰ, পলাবলৈ চেষ্টা কৰোঁতেই ড্ৰাগছ মাফিয়ালৈ আৰক্ষীৰ গুলী…

ডিজিটেল ডেস্ক: ড্ৰাগছ মাফিয়ালৈ লক্ষ্য কৰি পুনৰ আৰক্ষীৰ গুলী। সোমবাৰে নগাঁৱত সংঘটিত হয় এনকাউন্টাৰৰ ঘটনা। নগাঁও আৰক্ষীৰ এটা দলে জুৰীয়াৰ বালিকটীয়াত চলোৱা অভিযানৰ সময়তে এনকাউন্টাৰৰ ঘটনা সংঘটিত হয়।

আৰক্ষীৰ গুলীত গুৰুতৰভাৱে আহত হয় ড্ৰাগছ মাফিয়া ছাহজাহান আলি ওৰফে ছাজু। বৰ্তমান জিএমচিএইচত ভৰ্তি কৰোৱা হৈছে ছাহজাহানক।

নগাঁও আৰক্ষীয়ে জনোৱা অনুসৰি আৰক্ষীৰ এটা দলে গোপন সূত্ৰৰ প'ম খেদি বুজন পৰিমানৰ ড্ৰাগছসহ ছাহজাহানক আটক কৰে।

আৰক্ষীয়ে ছাহজাহানৰ বাসগৃহৰ পৰা হেৰ'ইনো উদ্ধাৰ কৰে। কিন্তু ছাহজাহানে আৰক্ষীক আক্ৰমণ কৰি পলাবলৈ চেষ্টা কৰোঁতেই গুলি চলাবলৈ বাধ্য হয় আৰক্ষী।

প্ৰথম অৱস্থাত ছাহজাহানক নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাই আৰু পিছত উপযুক্ত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে।

nagaon assam encounter Assam police