পোৱালী লৈ মাইকী হাতীৰ মুক্ত বিচৰণ, আতংকিত ৰাইজ…

পোৱালী লৈ মাইকী হাতীৰ মুক্ত বিচৰণ, আতংকিত ৰাইজ…

author-image
asomiyapratidin
New Update
পোৱালী লৈ মাইকী হাতীৰ মুক্ত বিচৰণ, আতংকিত ৰাইজ…

ডিজিটেল সংবাদ,নগাঁও: হাতী ওলাইছে হাতী ৷ পুৰণিগুদামত এতিয়া হাতীৰ আতংক ৷ দুদিন ধৰি পুৰণিগুদাম অঞ্চলত বনৰীয়া হাতীৰ মুক্ত বিচৰণে আতংকৰ সৃষ্টি কৰিছে ৷

Advertisment

পুৰনিগুদামৰ বিষয়াচুক,নআলি , পুৰনিগুদাম ৰেল ষ্টেচন, হাতীগাঁও , চলচলি আদিত দুদিন ধৰি এজনী মাইকী হাতীয়ে মুক্ত বিচৰণ কৰি আছে ৷ হাতীজনীৰ লগত এটি পোৱালী হাতীও আছে ৷

জানিব পৰা মতে হাতীজনীয়ে বিচৰন কৰা এলেকাত ক্ষতি সাধনো কৰিছে ৷ বিশেষকৈ মাইকী হাতীজনীৰ লগত পোৱালী হাতীটো থকাত চিন্তিত হৈ পৰিছে স্হানীয় লোক আৰু বনবিভাগ ৷

বন বিভাগৰ দলে হাতী খেদিবলৈ ফটকা আদি ব্যৱহাৰ কৰিছে যদিও হাতী খেদিবলৈ সক্ষম হোৱা নাই ৷ কিয়নো পোৱালী হাতীটো লগত থকাত সমস্যাৰ সৃষ্টি হৈছে ৷ বন বিভাগে হাতী বিচৰন কৰা গাঁওসমূহৰ ৰাইজক হাতীজনী আৰু পোৱালীটোক ভয় নুখুৱাবলৈ আহ্বান জনাইছে ৷ পোৱালী হাতীটোৰ ক্ষতি হ'লে হাতীজনীয়ে জনঅৰন্যত ক্ষতি সাধন বেছিকৈ কৰিব বুলি বন বিভাগে শংকা প্ৰকাশ কৰিছে ৷

চাপানালা অঞ্চলৰ পৰা হাতীজনী পোৱালীটোৰ সৈতে অহা বুলি বন বিভাগে সন্দেহ প্ৰকাশ কৰিছে ৷ একাংশ স্হানীয় লোকে মাহদিয়েক পূৰ্বে নগাঁও চহৰ হৈ পুৰনিগুদামলৈ অহা হাতীজনী বুলি সন্দেহ কৰিছে ৷ কিয়নো সেই হাতীজনী গৰ্ভৱতী আছিল ৷ পোৱালী জন্ম হোৱাৰ পিছত হাতীজনী পূৰ্বৰ পথেৰে ঘূৰি অহা বুলি সন্দেহ কৰিছে স্থানীয় লোকে ৷

আৰু পঢ়ক: প্ৰধানমন্ত্ৰী মোডীক ভাবুকি প্ৰদান কৰি ৰঙাঘৰৰ আলহী যুৱক…

assam nagaon elephant