নগাঁও আৰক্ষী অধীক্ষক লীনা দলেৰ নেতৃত্বত ড্ৰাগছৰ বিৰোধী অভিযান…

নগাঁও আৰক্ষী অধীক্ষক লীনা দলেৰ নেতৃত্বত ড্ৰাগছৰ বিৰোধী অভিযান…

author-image
asomiyapratidin
New Update
নগাঁও আৰক্ষী অধীক্ষক লীনা দলেৰ নেতৃত্বত ড্ৰাগছৰ বিৰোধী অভিযান…

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলা আৰক্ষী অধীক্ষক লীনা দলেৰ নেতৃত্বত ড্ৰাগছৰ বিৰুদ্ধে সফল অভিযান। নগাঁৱৰ ডিফলু আৰু ধূপগুৰি কলনিবস্তিৰ পৰা এক ট্ৰাক নিচাজাতীয় দ্ৰব্য জব্দ।

ধূপগুৰি কলনিবস্তিৰ বাহাৰুল ইছলামৰ ঘৰৰ পৰা দেওবাৰে নিশা বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰা লগতে বাহাৰুল ইছলামৰ তথ্যৰ ভিত্তিত নগাঁৱৰ ডিফলুৰ অম্লান জ্যোতি কলিতাৰ বাসগৃহৰ পৰাও বৃহৎ পৰিমানৰ নিষিদ্ধ ড্ৰাগছ নগাঁও আৰক্ষী য়ে জব্দ কৰে।

১৩,৪৫,০০০ নিচাজাতীয় টেবলেট আৰু ১৬,০০০ নিচাজাতীয় কফ চিৰাফ আৰু লগতে এখন বিলাসী বাহনো জব্দ কৰে। উল্লেখ্য যে , অম্লান জ্যোতি কলিতাই দীৰ্ঘদিন ধৰি নগাওঁ , হোজাই আৰু মৰিগাঁও জিলাত ড্ৰাগছৰ অৱাধ বেহা চলাই আহিছিল। ইতিমধ্যে ধিং আৰক্ষী থানাত দুয়োকে জেৰা অব্যাহত ৰাখিছে।

আৰু পঢ়ক: কলা শাখাত ৯৫.৬৭ শতাংশ উত্তীৰ্ণৰে শীৰ্ষত ধেমাজি…

batadrava nagaon assam