এনকাউন্টাৰ; নগাঁও আৰক্ষীৰ গুলীত আহত ড্ৰাগছ ব্যৱসায়ী

এনকাউন্টাৰ; নগাঁও আৰক্ষীৰ গুলীত আহত ড্ৰাগছ ব্যৱসায়ী

author-image
asomiyapratidin
New Update
এনকাউন্টাৰ; নগাঁও আৰক্ষীৰ গুলীত আহত ড্ৰাগছ ব্যৱসায়ী

ডিজিটেল সংবাদ , নগাঁও : শুকুৰবাৰে মাজ নিশা আকৌ গুলী চলিল নগাঁও আৰক্ষীৰ ৷ জিলা খনৰ কদমণি পথাৰত ড্ৰাগছ ব্যৱসায়ীক আৰক্ষীয়ে গুলীচালনা কৰিব লগা হয় ৷ আহত ড্ৰাগছ ব্যৱসায়ী জনৰ নাম হৈছে মৈজুল ইছলাম (২১) ৷ গুলীচালনাৰ পিছতে আহত ড্ৰাগছ ব্যৱসায়ীজনক নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও পিছত উন্নত চিকিৎসালয়লৈ নিয়া হয় ৷

Advertisment

জানিব পৰা মতে মৈজুলক নগাঁও আৰক্ষীয়ে ৬ কোটি টকা হেৰ'ইন সহ শুক্ৰবাৰে গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে ৷ লগতে জব্দ কৰিছিল এ এছ ০১ এ ভি ৩০৪৮ গাড়ী খন ৷ ডিমাপুৰৰ পৰা এই গাড়ীখনত ৭৫ টা চাবোনৰ বাকচত হেৰ'ইন খিনি মৈজুল আৰু এজন ড্ৰাগছ ব্যৱসায়ীয়ে নগাঁৱৰ জুৰীয়ালৈ কঢ়িয়াই আনিছিল ৷ কলিয়াবৰত আৰক্ষীয়ে অভিযান চলাই মৈজুলক ড্ৰাগছ সহ গ্ৰেপ্তাৰ কৰে যদিও আনজন ব্যৱসায়ী পলাই যাবলৈ সক্ষম হয় ৷

মৈজুলক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে জেৰা চলাই বহু গোপন তথ্য উদঘাটন কৰিবলৈ সক্ষম হয় ৷ ব্যৱসায়ীজনে দিয়া তথ্যৰ অনুসন্ধানৰ বাবে জুৰীয়া কদমনি পথাৰৰ নিজা ঘৰলৈ নিশা আৰক্ষীয়ে মৈজুলক লৈ যায় ৷ ঘৰত সোমাই মৈজুলে ঘৰত ব্যৱহাৰ কৰা দা হাতত লৈ অভিযানকাৰী আৰক্ষীক আক্ৰমন কৰে ৷ তেতিয়া আৰক্ষীয়ে মৈজুলৰ ভৰিত গুলী চলাই কাবু কৰিবলৈ সক্ষম হয় ৷ আহত ড্ৰাগছ ব্যৱসায়ী জনক চিকিৎসাৰ বাবে লগে লগে নগাঁৱলৈ অনা হয় যদিও চিকিৎসকে গুৱাহাটীলৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰন কৰে ৷

আৰু পঢ়ক: আজি গুৱাহাটীলৈ আহিব কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিং

assam nagaon encounter